মোৰ আগৰ লেখাটোত শিহুৰ বাসস্থান নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আৰু এতিয়ালৈকে আমি জানিবলৈ পোৱা কেইটামান প্ৰাকৃতিক কাৰকৰ বিষয়ে কিছু থূল-মূল আভাস দিবলৈ চেষ্টা কৰা হৈছিল । এই লেখাটোত শিহুৰ ওপৰত প্ৰভাৱ পেলোৱা মানুহৰ কাৰ্যকলাপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে ।
নদীত বসবাস কৰা
শিহুৰ লগত নদীতেই মাছ
মাৰি জীৱন নিৰ্বাহ কৰা
মাছ্মৰীয়া সকলৰ অতীজৰে পৰাই এৰাব
নোৱাৰা সম্পৰ্ক ।বহু
মাছমৰীয়াই শিহুৰ অৱস্থিতিৰ ওচৰে-পাজৰেই মাছ মৰা
অৱস্থান বিচাৰি লয় , কিয়নো
শিহুৰ উপস্থিতিয়ে আওপকিয়াকৈ অঞ্চলটোত মাছৰ উপস্থিতিৰেই নিৰ্দেশ
কৰে । কিন্তু
মাছ্মৰীয়া সকলে নদীত মাছ
ধৰিবলৈ ব্যৱহাৰ কৰা ফাঁচি জালে
বহু সময়ত শিহুৰ জীৱনলৈ
বিপদ মাতি আনে ।
শিহুৱে চলন-ফুৰনৰ দিশ
নিৰ্ণয় আৰু যোগাযোগ বাবে ব্যৱহাৰ কৰা
echolocation পদ্ধতিৰে ফাঁচিজালৰ মিহি সূঁতাবোৰৰ অৱস্থিতি
অনুধাৱন কৰাটো কঠিন । সেয়েহে
প্ৰায়ে শিহুবোৰে এই জালত জোট-পোট খাই লাগি
ধৰা ঘটনা সংঘটিত হয়
আৰু শিহু আঘাতপ্ৰাপ্ত হয় অথবা উশাহ ল’বলৈ পানীৰ ওপৰলৈ
ওলাই আহিব নোৱাৰি প্ৰায়ে
মৃত্যুমুখত পৰে । বহুঠাইত
আকৌ কিছু জনগোষ্ঠীৰ মানুহে
শিহুৰ মাংস অতীজৰে পৰাই
খাই আহিছে, সেয়েহে ইহঁতক
জালত লগা মাত্ৰকে হানি-খুচি হত্যা কৰে
আৰু মাংসৰ বেপাৰ কৰে ।
তাৰোপৰি মৃত শিহুৰ চৰ্বী
গলাই তেল উলিয়াই বহু
টকা দৰত বেচাকিনা কৰা
টোও এক পুৰণা চোৰাং ব্যৱসায় । গাৰ
বিষৰ মহৌষধ বুলি বহু
লোকে এই তেল ব্যৱহাৰ
কৰে । কিন্তু
ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈকে এনেদৰে এটা মূল্যৱান
জীৱ বধ কৰাটো নিশ্চয়
কেতিয়াও সমিচীন নহয় ।
ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ
উপৰিও শিহুৰ তেল মাছ ধৰা
টোপ হিচাপেও ব্যৱহাৰ হয় । কম
সময় আৰু কম কষ্টত
সৰহকৈ মাছ ধৰিবলৈ বহুতো
মাছ্মৰীয়াই এই পদ্ধতি ব্যৱহাৰ কৰে
। প্ৰধানতঃ নেৰীয়া
আৰু বছা মাছ এই
পদ্ধতিৰে ধৰে ।ভাৰত
বন্যপ্ৰাণী সংৰক্ষন আইন ১৯৭২ৰ অধীনত
শিহু এক ন্ং তালিকা
ভুক্ত প্ৰাণী অৰ্থাৎ শিহুৰ
চিকাৰ আইনমতে দণ্ডনীয় কিন্তু
শিহুৰ তেলৰ চোৰাং ব্যৱসায়
চলিয়েই আছে। শিহু
নিধন কৰি কম সময়ৰ
ভিতৰতে ধনী হোৱাৰ সপোন
দেখা লোক সকলে হয়তো
এইটো ধৰিব পৰা নাই
যে এনেদৰে দিনক দিনে
শিহু কমি গৈ থাকিলে
কিদৰে এটা সময়ত নদীসমুহৰ
পৰিস্থিতিতন্ত্ৰলৈ বিপৰ্যয় নামি আহিব ।
নদীৰ প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট হৈ মৎস্যজীৱী
মানুহৰ জীৱিকাৰ মুল উৎস মাছবোৰেই
এটা সময়ত লাহে লাহে নাইকিয়া হ’ব ।
শিহুৰ লগতে সমগ্ৰ পৰিৱেশতন্ত্ৰলৈকে বিপদ মাতি অনা বৰ্তমান চোৰাং ভাৱে ব্যৱহৃত এক মাছমৰা সজুলি হৈছে আঠুৱা জাল । মাছফিছাৰী আইন মতে সম্পুৰ্নৰুপে বৰ্জনীয় আঠুৱা জাল বহুতো মাছ্মৰীয়াই ব্যৱহাৰ কৰিয়েই আছে । এই জালৰ ফুটাবোৰ অতি সৰু হোৱাৰ বাবে মাছৰ পোণা আৰু কণী পৰ্যন্ত উঠি আহে, যিয়ে বিভিন্ন প্ৰজাতি মাছৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ ধৰিছে । ফলত নদীসমূহত মাছৰ পৰিমান আৰু ভিন্নতা দিনক দিনে কমি আহিছে । কিন্তু ভৱিষ্যতৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ বৰ্তমানতে সন্তুষ্ট হ’বলৈ চেষ্টা কৰা মাছ্মৰীয়া সকলে সঘনে আঠুৱা জাল ব্যৱহাৰ কৰি থকাৰ ফলত শিহুৰ লগতে নিজলৈকে বিপদ মাতি অনাটো নিতান্তই স্বাভাৱিক । তাৰোপৰি নদীৰ বালিখনন, জলসিঞ্চন প্ৰকল্প, জলপৰিবহন, জলপ্ৰদুষণ আদি বিভিন্ন কাৰণৰ বাবে শিহুৰ বসবাসৰ উপযোগী ঠাই কমি আহিবলৈ ধৰিছে । প্ৰ্দুষিত পানীত দ্ৰৱিত হৈ ৰোৱা কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত পদাৰ্থ, খেতি-বাতিত ব্যৱহৃত কীটনাশক , অপতৃণৰোধক আদিত থকা কিছুমান গধুৰ ধাতৱ পদাৰ্থ আৰু অন্যান্য ৰাসায়নিক দ্ৰব্যৰ জৈৱআৱৰ্ধন (biomagnification)হৈ জলজ জীৱৰ শৰীৰতো প্ৰৱেশ কৰিছে । ভাৰতৰ কেইজনমান বিজ্ঞানীৰ অধ্যয়নৰ পৰা এই তথ্য পোহৰলৈ আহে যে প্ৰ্দুষিত পানীৰ পৰা organochlorine, perflorinated compound (PFCs), গধুৰ ধাতৱ পদাৰ্থ আদি শিহুৰ শৰীৰত প্ৰৱেশ কৰি সিহঁতৰ অভাৱনীয় ক্ষতিসাধন কৰিছে ।অধ্যয়নত এই তথ্যও জনা গৈছে যে এই বিষাক্ত দ্ৰব্যসমূহৰ দুস্প্ৰ্ভাৱ আক্ৰান্ত মাতৃশিহুৰ শৰীৰৰ পৰা মাতৃদুগ্ধৰ জৰিয়তে পোৱালি শিহুলৈকো বিয়পি পৰে ।
শিহু আৰু ইহঁতৰ বাসস্থানৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলোৱা মানুহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকলাপবিধ হ’ল বৰ্তমান সময়ত অতি প্ৰয়োজনীয় বিদ্যুৎ উৎপাদনৰ বাবে নদীসমূহত গঢ়ি তোলা নদীবান্ধ সমূহ । আমি ইতিমধ্যেই জানি আহিছো যে শিহুয়ে নদীৰ মোহনা, নদীদ্বীপ তথা বালিচৰৰ দাতিকাষৰীয়া সুঁতি আৰু নদীৰ ভাঁজ আদি অঞ্চলক বেছি প্ৰাধান্য দিয়ে কিয়নো নদীৰ এই অঞ্চলসমূহৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱেশ তথা পানীৰ সোঁতৰ গতিবিধি নদীৰ বাকীবোৰ অঞ্চলতকৈ অলপ বেলেগ । এই অঞ্চলসমূহত জলজ উৎপাদনৰ (productivity) হাৰ বেছি হোৱাৰ বাবে বিভিন্নধৰনৰ মাছে এই অঞ্চলসমূহত খাদ্য আহৰণৰ বাবে প্ৰাধান্য দিয়ে । ইয়াৰ ফলত শিহুয়েও এই অঞ্চলসমূহক বেছি গুৰুত্ব দিয়ে ।নদীবান্ধ সমূহে নদীৰ সোঁতৰ গতি নিয়ন্ত্ৰণ কৰাৰ ফলত এই প্ৰাকৃতিকভাৱে বিষেশত্বপূৰ্ণ অঞ্চল সমূহৰ অৱস্থানৰ সাল-সলনি হয় । ইয়েই লাহে লাহে জলজ উৎপাদন তথা শিহুৰ খাদ্য মাছৰ উৎপাদনৰো সাল-সলনি ঘটায় । তাৰোপৰি শিহু থাকিবৰ বাবে প্ৰয়োজনীয় নদীৰ নূন্যতম গভীৰতাৰো তাৰতম্য ঘটায় । নদীৰ ওপৰত মানুহৰ অতিমাত্ৰা কাৰ্যকলাপ বৃদ্ধিৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা হেৰুৱাই কিদৰে শিহুৰ দৰেই বৃহৎ জলজ প্ৰাণীৰ বিলুপ্তি হ’ব পাৰে তাৰ এক উদাহৰণ হ’ল চীনৰ য়াংজে নদীৰ ডলফিন বাইজিৰ বিলুপ্তি । চীনৰ য়াংজে হৈছে সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে দীঘল নদী । এই নদী তিব্বতীয় মালভুমিৰ পৰা উৎপত্তি হৈ চীনদেশৰ মাজেৰে পূব দিশে প্ৰায় ৬৩০০ কিলোমিটাৰ বৈ গৈ পূব চীন সাগৰত মিলিত হৈছেগৈ । য়াংজে নদীৰ অৱৱাহিকাই চীনৰ মাটিকালিৰ প্ৰায় এক পঞ্চমাংশ স্থান দখল কৰি আছে আৰু সমগ্ৰ চীনৰ মানৱ সভ্যতাৰ বুৰঞ্জীত এই নদী ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ আছে । এনে এখন বিশাল নদীৰ পৰিস্থিতিতন্ত্ৰ কিমান বৈচিত্ৰপূৰ্ণ হ’ব পাৰে সেইয়া সহজেই অনুমেয় । শিহু অৰ্থাৎ গ্ংগানদীৰ ডলফিন দৰেই চীনদেশৰ য়াংজে নদীত বাইজি (Lipotes vexillifer)নামৰ নদী ডলফিনৰ প্ৰজাতিয়ে বসবাস কৰিছিল । ১৯৫০ চনলৈকে ইহঁতৰ সংখ্যা ৬০০০ মান আছিল কিন্তু নব্বৈ দশকত ইহঁতৰ সংখ্যা অভাৱনীয় ভাৱে হ্ৰাস পায় । লাহে লাহে ইহঁতৰ সংখ্যা ইমানেই কমি আহে যে ২০০৬চনৰ অনুসন্ধানমূলক জৰীপত বাইজিৰ বিলুপ্তি হৈছে বুলি পোহৰলৈ আনে । চীনৰ উদ্যোগীক বিপ্লৱৰ পাছৰ পৰা য়াংজে নদীত মটৰচালিত পৰিবহণ তথা মাছ্মৰা নাওঁৰ ব্যাপক প্ৰচলন, পৰিৱেশৰ প্ৰতি ভাবুকিস্বৰূপ বিভিন্ন আধুনিক মাছমৰা সজুলিৰ বিস্তৃত ব্যৱহাৰ আৰম্ভ হ’ল । সৰ্বশেষত এই নদীত গঢ়ি তোলা হ’ল পৃৰ্থিৱীৰ ভিতৰতে সৰ্ববৃহৎ নদী বান্ধ যিয়ে নদীতন্ত্ৰৰ অত্যন্ত স্পৰ্শকাতৰ কিছুমান জলজ প্ৰাণী জীয়াই থকাতো নিতান্তই অসম্ভৱ কৰি তুলিলে । সেয়েহে চীনৰ বুৰঞ্জীত য়াংজে নদীৰ দেৱী হিচাপে সন্মান পোৱা ‘বাইজি’ বৰ্তমান কেৱলমাত্ৰ কিছুমান গৱেষণাৰ তথ্য হৈহে ৰ’লগৈ । অসমত ব্ৰক্ষ্মপুত্ৰ নদীৰ উপৰি প্ৰ্ধানতঃ দুখন উপনদী কামৰূপ জিলাৰ কুলসী আৰু লক্ষীমপুৰ জিলাৰ সোৱনশিৰি নদীত কিছু সংখ্যক শিহু বাচি ৰৈছেগৈ । কুলসী নদীত বৰ্তমান দ্ৰুতগতিত বাঢ়ি অহা মটৰ চালিত বালিখনন আৰু পৰিবহণ ব্যৱস্থাৰ লগতে নদীপৰীয়া কল-কাৰখানাসমূহৰ প্ৰভাৱ নিশ্চয়কৈ অতি চিন্তাৰ বিষয় । তাৰোপৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সেই নদীত বসবাস কৰি অহা শিহুকেইটাৰ ওপৰত কেনে প্ৰভাৱ পেলাবলৈ গৈ আছে সেয়া সময়ে হে ক’ব ।
দ্ৰুতগতিত হৈ অহা শিহুৰ হ্ৰাসলৈ লক্ষ্য ৰাখি বিশ্ব প্ৰকৃতি সংৰক্ষণকাৰী সংস্থা IUCN য়ে শিহুক বিপদাপন্ন (endangered) প্ৰাণী হিচাপে স্বীকৃতি দিয়ে । ভাৰত চৰকাৰেও শিহুক “ৰাষ্ট্ৰীয় জলচৰ প্ৰানী” ঘোষনা কৰে আৰু গংগানদীত চুলতানগঞ্জৰ পৰা কাহল্গাৱলৈকে অংশটোক কেৱল শিহুৰ বাবে সংৰক্ষিত এলেকা ৰূপে ঘোষনা কৰে । এই অঞ্চলটো বৰ্তমান বিক্ৰমশীলা শিহু অভয়াৰন্য হিচাপে বিখ্যাত । বিভিন্ন চৰকাৰী আৰু বেচৰ্কাৰী সংস্থান, বিশ্ববিদ্যালয় আদিৰ ফালৰ পৰা শিহুৰ ওপৰত গৱেষণা আৰু সংৰক্ষণৰ কাম চলি আছে । কিন্তু জলজ পৰিৱেশতন্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ অংগ হিচাপে শিহুৱে মানুহৰ পৰা আৰু অধিক সহায় সহযোগিতা কামনা কৰে ।
Comments
Post a Comment