পানীয়েই হৈছে পৃথিৱীৰ জীৱ সৃষ্টিৰ মূল ইন্ধন । আমি সকলোৱে জানো যে পৃথিৱীৰ উপৰিভাগৰ ৭১% অঞ্চলেই পানীয়ে আৱৰি আছে যাক সংক্ষেপত জলমণ্ডল বুলি কোৱা হয় । এইটো অতি আশ্চৰ্য্যকৰ ভাৱে সত্য যে এই জলমণ্ডলৰ জীৱকূলৰ মাত্ৰ ১০% মানহে হয়তো মানুহৰ জ্ঞানৰ পৰিসৰলৈ আহিছে । খালী চকুৰে দেখা পোৱা ডাঙৰ আকাৰৰ জলজ জীৱবোৰৰ বাহিৰেও এই পানীৰ পৃথিৱীখনত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ উটি-ভাহি ফুৰে । এইজীৱবোৰৰ কিছুমানৰ আকাৰ ইমানেই ক্ষুদ্ৰ যে উচ্চ ক্ষমতাসম্পন্ন অনুবীক্ষন যন্ত্ৰৰ সহায়তহে জীৱবোৰ দৃষ্টিগোচৰ হয় । পানীৰ এই জীৱবোৰক প্লাংকটন (plankton)বোলা হয় । কিছুমান প্লাংকটনে উদ্ভিদৰ দৰে পত্ৰহৰিৎ কণা (chlorophyll)কঢ়িয়াই আৰু সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ কৰে । ইহঁত হ’ল ফাইট’প্লাংকটন (phytoplankton)। জলমণ্ডলস্থিত পত্ৰহৰিৎ কণা বহন কৰোতা ক্ষুদ্ৰতম ফাইট’প্লাংকটনবোৰেই সমগ্ৰ জীৱজগতৰ বাবে অক্সিজেনগেছ উৎপাদন কৰোতাৰ ভিতৰত অন্যতম । বিভিন্ন ধৰনৰ বেক্টেৰিয়া, শেলাই জাতিয় উদ্ভিদ, পত্ৰ্হৰিৎ কণাযুক্ত ক্ষুদ্ৰাকাৰ দাইএটম (diatoms) আৰু দেচমিদ (desmids) আদিয়েই হ’ল ফাইট’প্লাংকটন জগতৰ সদস্য । অন্যহাতেদি প্ৰানীৰ দৰে অন্য প্লাংকটন ভক্ষণ কৰি জীয়াই থকা প্লাংকটন বোৰ হ’ল জোপ্লাংকটন (zooplankton) । প্লাংকটন বোৰে অন্য জলজ প্ৰাণী যেনে শামুক, মাছ, তিমি জাতিয় প্ৰাণী আদিৰ খাদ্য হিচাপে জলজ পৰিৱেশতন্ত্ৰত অতি গুৰুত্বপূৰ্ণ ভুমিকা অৱলম্বন কৰে ।
মাইক্ৰ’ন ৰ পৰা চেণ্টিমিটাৰৰ ভিতৰত হোৱা সিহঁতৰ শৰীৰৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি প্লাংকটনবোৰক পিক’, নেন’, মাইক্ৰ’, মেচ’, মেক্ৰ’ আৰু মেগা এই ছয় প্ৰকাৰত ভাগ কৰিব পাৰি । বহুক্ষেত্ৰত পানীত থকা পৰিপুষ্টিৰ ঋতুকালিন সালসলনিৰ ওপৰত নিৰ্ভৰ কৰি পানীত বিভিন্ন আকাৰৰ প্লাংকটনৰ সংখ্যাৰ বঢ়া-তোতা হোৱা দেখা যায় । কম পৰিপুষ্টিযুক্ত পানীত (low nutrient water) সাধাৰণতে সৰু আকাৰৰ প্লাংকটনৰ সংখ্যা বেছি হয় কিয়নো সিহঁতে কম পৰিমাণৰ পৰিপুষ্টিটো সুন্দৰ ভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে । ফাইট’প্লাংকটন ভক্ষন কৰি জীয়াই থকা জোপ্লাংকটন বোৰে ফাইট’প্লাংকটনত জমা হৈ থকা জৈৱিক কাৰ্বনবোৰ জোপ্লাংকটন ভক্ষনকাৰী মাছ আৰু অন্যান্য প্ৰানীৰ শৰীৰলৈ কঢ়িয়াই নিয়ে । তাৰোপৰি জোপ্লাংকটনে উৎপন্ন কৰা বিষ্ঠাই পানীৰ পৰিপুষ্টিৰ ভঁৰাল (nutrient pool) টোত ইন্ধন যোগায় । বহুতো জোপ্লাংকটনে গোটেই জীৱন কালচোৱা প্লাংকটন হিচাপেই কটায়, ইহঁতক হ’ল’প্লাংকটন বুলি কোৱা হয় । কিন্তু কিছুমান প্ৰানীৰ পোৱলি অৱস্থাটোহে জোপ্লাংকটন হিচাপে ধৰা হয় ;বয়স বঢ়াৰ লগে লগে সিহঁত আৰু জোপ্লাংকটন হৈ নাথাকে । তেনে জোপ্লাংকটনক মেৰ’প্লাংকটন বুলি কোৱা হয় ।
বহুক্ষেত্ৰত
সামঞ্জস্য থাকিলেও সাগৰ-মহাসাগৰৰ লুণীয়া পানী আৰু খাল, বিল, জান-জুৰি, নদী, পুখুৰী,
হ্ৰ্দ আদিৰ অলুণীয়া পানীত থকা প্লাংকটনবোৰৰ মাজত বিভিন্নধৰনৰ গুণগত পাৰ্থক্য আছে ।
এই বিষয়ত এতিয়াও বিস্তৃত অধ্যয়ন চলি আছে । বোৱতি পানী আৰু স্থবিৰ হৈ থকা পানীৰ পৰিৱেশত
থকা প্লাংকটনৰ চাৰিত্ৰিক বৈশিষ্টৰ মাজত থকা পাৰ্থক্যও বিভিন্ন অধ্যয়নৰ যোগেদি পোহৰলৈ
আহিছে । এক জলজ পৰিৱেশত কি কি ধৰণৰ প্লাংকটন থাকিব, কিমান স্ংখ্যক থাকিব আৰু প্লাংকটনৰ
বৃদ্ধি সেই পৰিৱেশত কেনেকুৱা হ’ব, এই সকলোবোৰ কথাই সেই পৰিৱেশটোৰ কিছুমান ভৌতিক, ৰাসায়নিক
আৰু জৈৱিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । দিনটোৰ দৈৰ্ঘ, পোহৰৰ উজ্জলতা, পানী আৰু জলবায়ুৰ
তাপমাত্ৰা, অতি বেঙুনীয়া ৰশ্মি, গভীৰতা অনুযায়ী পানীৰ সোঁতৰ বেগ আৰু চলনৰ তাৰতম্য আদি
ভৌতিক কাৰকে প্লাংকটনৰ পৰিস্থিতিগত বৈশিষ্ট নিৰ্ধাৰণ কৰে । জলজ পৰিৱেশত বিভিন্ন ধৰনৰ
জৈৱিক (organic) আৰু অজৈৱিক (inorganic) ৰাসায়নিক পদাৰ্থৰ উপস্থিতিয়েও প্লাংকটন সমুহৰ
ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । প্লাংকটন সমুহৰ বংশবৃদ্ধি প্ৰক্ৰিয়া, বিভিন্ন প্লাংকটনৰ
মাজত খাদ্য আৰু বাসস্থানক লৈ হোৱা প্ৰতিযোগিতা, খাদ্য হিচাপে ফাইট’প্লাংকটনৰ ওপৰত জোপ্লাংকটনৰ
চাপ, পৰজিৱীতা (parasitism), সহজিৱীতা (symbiosis)আদি হ’ল কোনো জলজ পৰিৱেশত থকা প্লাংকটনৰ
বৈশিষ্ট নিৰ্ধাৰণকাৰী জৈৱিক কাৰক ।
নগৰ-চহৰ
অঞ্চলৰ পৰা পানীলৈ বৈ অহা আৱৰ্জনা, কিছুমান কল-কাৰখানাৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ,
খেতি-বাতিত ব্যৱহৃত বিভিন্ন ধৰণৰ সাৰ, ব্যৱসায়ভিত্তিক ভাৱে পালন কৰা গৰু-ম’হৰ আস্থান
আদিৰ পৰা দাতিকাষৰীয়া পানীত মিলি যোৱা বিষ্ঠা আদিয়ে যেই কোনো জলজ পৰিৱেশতে বিভিন্ন
জৈৱিক আৰু ৰাসায়নিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰি সেই অঞ্চলটোত অস্বাভাৱিক ভাৱে পৰিপুষ্টিৰ
হাৰ বঢ়াই তোলে । জলজ পৰিৱেশৰ এই অৱস্থাটোক ইউত্ৰ’ফিকেচন (Eutrophication) বোলা হয় ।
এই প্ৰক্ৰিয়াৰ আৰম্ভণি সময়চোৱাত অত্যাধিক পৰিপুষ্টি গ্ৰহণ কৰি কিছুমান ফাইট’প্লাংকটন
প্ৰজাতিৰ অস্বাভাৱিক ধৰণেৰে বৃদ্ধি (algal bloom) হ’বলৈ ধৰে । এই প্ৰক্ৰিয়াৰ লগত সংগতি
ৰাখি সেই নিৰ্দিষ্ট ফাইট’প্লাংকটন ভক্ষণ কৰোতা কিছুমান জোপ্লাংকটন তথা মাছৰ প্ৰজাতিৰ
সংখ্যা বৃদ্ধি হয় কিন্তু অন্য কিছুমান অতি গুৰুত্বপূৰ্ণ প্লাংকটনৰ লগতে মাছ আৰু অন্যান্য
জলজ সদস্য সেই পৰিৱেশতন্ত্ৰটোৰ পৰা লাহে লাহে নাইকিয়া হৈ আহে । পাছলৈ অত্যাধিক হৈ পৰা
ফাইট’প্লাংকটনবোৰে পানীত থকা পৰিপুষ্টিবোৰ ক্ৰমান্বয়ে সম্পুৰ্ণৰূপে ব্যৱহাৰ কৰি সেই
জলজ পৰিৱেশটোক অপুষ্টিকৰ আৰু ৰোগীয়া কৰি তোলে । যিকোনো পৰিৱেশ সুস্থ আৰু সৱল হৈ থকাৰ মূল মন্ত্ৰ
টো সেই পৰিৱেশটোত বসবাস কৰা জীৱজগতৰ লগতে বিভিন্ন ভৌতিক তথা ৰাসায়নিক কাৰকৰ ভাৰসাম্যতাৰ
ওপৰতে নিৰ্ভৰ কৰে । ইউত্ৰ’ফিকেচনে অস্বাভাৱিকভাৱে প্লাংকটন বৃদ্ধি কৰি জলজ পৰিৱেশতন্ত্ৰটোৰ
ভাৰসাম্যতা নষ্ট কৰি পেলায় । সঠিক সময়ত উপযুক্ত প্ৰতিকাৰৰ ব্যৱস্থা নকৰিলে এটা সময়ত
সেই সম্পুৰ্ণ জলজ পৰিৱেশটোৰ পানীৰ গুনাগুণ আৰু স্বাভাৱিক হৈ নাথাকে যাৰ প্ৰ্ভাৱ লাহে
লাহে সেই অঞ্চলৰ জলবায়ুৰ ওপৰত পৰিবলৈ আৰম্ভ কৰে ।
আওপকীয়াকৈ চালে এনেকৈও ক’ব পাৰি যে কোনো এক জলজ পৰিৱেশত থকা প্লাংকটনৰ পৰিস্থিতিগত বৈশিষ্টসমূহ অধ্যয়ন কৰি আমি সেই জলজ পৰিৱেশ তন্ত্ৰটোৰ সামগ্ৰিক অৱস্থা অনুধাৱন কৰিব পাৰো । আকাৰত নগন্য হ’লেও পানীৰ পৃথিৱীখনৰ এই ক্ষুদ্ৰ জীৱবোৰৰ অধ্যয়নে যিকোনো জলজ পৰিৱেশৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যবেক্ষনৰ লগতে জলবায়ু পৰিৱৰ্তনৰ দৰে বৃহত্তৰ বিষয়ৰ পৰ্যবেক্ষনতো অতি গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আছে । এক কথাত ক’বলৈ গ’লে প্লাংকটনৰ কিছুমান প্ৰজাতিৰ উপস্থিতিৰ সালসলনিয়ে জলজ পৰিৱেশটোৰ স্বাস্থ্য আৰু অৱস্থাৰ পৰিৱৰ্তনৰ লগতে গুণগত উন্নতি তথা অৱনতি সুচনা কৰে । অলপ দঁ কৈ ভাৱি চালে পোৱা যায় যে জলপ্ৰ্দুষন ৰোধ কৰি এই ক্ষুদ্ৰ জীৱৰ পৃথিৱীখনৰ ভাৰসাম্যতা বজাই ৰাখি সিহঁতক স্বকীয় ভাৱে শান্তিৰে জীয়াই থাকিবলৈ দিলেই চোন আমাৰ দৰে অন্য বৃহৎ জীৱবোৰৰো পৰিৱেশ স্বাস্থ্যকৰ হৈ থাকিব । “জীয়াই থাকা আৰু আনকো জীয়াই ৰাখা” এই কথাষাৰ জীৱজগতৰ সকলোৰে লগতে এই পানীৰ উপঙি ফুৰা এই ক্ষুদ্ৰ জীৱবোৰৰ ক্ষেত্ৰটো এশ শতাংশই প্ৰযুৰ্য্য ।
Comments
Post a Comment