আগৰ
দিনত আমাৰ ককা-আজু ককা সকলৰ মুখত শুনা সাধুকথাবোৰৰ মতে আমাৰ অসমখন নদীৰ বাহিৰেও জান-জুৰি, খাল-বিল-পুখুৰী আদি বহুত
জলাশয়ৰে ভৰি আছিল । সেইসময়ত জলাশয়বোৰত মাছ আছিল অপৰ্যাপ্ত । মন গ’লেই মানুহে জাল, জাকৈ,
পল, বৰশী আদি লৈ মাছ মাৰিবলৈ গৈছিল । কিন্তু মাছলৈ যোৱা মানুহবোৰে বিশেষ কৈ ৰাতি মাছ
মাৰি উভতি আহোতে খুব সাৱধানে আহিছিল । মাছ থোৱা খালৈ আৰু নাৱৰ পৰা ডাঙৰ ডাঙৰ মাছ নাইকিয়া
হোৱাৰ কাহিনী অনেক শুনা গৈছিল । মাছ খোৱা বাঁকৰ কাহিনী সকালোৰে মুখে মুখে প্ৰচলিত আছিল
।কিছুমানে আকৌ মাছ মাৰি থাকোতেই বিভিন্ন মাছুৱৈ জন্তুৰ মুখামুখি হৈছিল । কিন্তু আজিকালি
নেদেখা হৈ যোৱাৰ বাবে এই জন্তুবোৰক মানুহে পাহৰিয়েই পেলাইছে । এসময়ত আমাৰ ওচৰ-চুবুৰীয়া
এই জন্তুবোৰ যেনে হেপা, উদ, মেছেকা আদি আজিকালি দেখিবলৈকে নাইকিয়া হ’ল । অদূৰ ভৱিষ্যতত
এই জন্তুবোৰ নিজেই সাধুকথাত পৰিনত হ’বলৈ গৈ আছে । এই জীৱ-জন্তুবোৰৰ বিষয়ে জানিবলৈ মন
নেযাইনে বাৰু ।
প্ৰথমেই
আৰম্ভ কৰো উদৰ বিষয়ে । উদ (otter) হৈছে একপ্ৰকাৰৰ মাংসাহাৰী স্তন্যপায়ী প্ৰাণী ।উদৰ
শৰীৰটো দীঘলীয়া আৰু দুটা তৰপৰ জলৰোধক নোমেৰে আবৃত্ত । মুৰটো চেপেটা আৰু কাণদুখন সৰু
। নাকৰ অংশটো বহল হয় আৰু নাকত মেকুৰীৰ দৰে দীঘল আৰু থৰঙা ডাড়ি থাকে । উদৰ ঠেং চাৰিখন
যথেষ্ট চুটি হয় । পানীত সাতুৰিবলৈ সুবিধা হোৱাকৈ পাচঁটা আঙুলি ছালেৰে সংযোজিত হৈ একোখন
পতাৰ (webbed feet)দৰে থাকে আৰু নঁখবোৰ যথেষ্ট ধাৰ থকা । উদৰ প্ৰধান খাদ্য হৈছে মাছ
কিন্তু কেতিয়াবা ইহঁতে শামুক, কেকোঁৰা, মিছা মাছ, নিগনি, এন্দুৰ, সাপ, বেং, সৰু চৰাই
আদিও চিকাৰ কৰে । বাসস্থানৰ ক্ষেত্ৰত ইহঁতে হুলস্হূলৰ পৰা আতৰত শান্তিপূৰ্ণ আৰু পৰিষ্কাৰ
পানীযুক্ত এলেকাৰ লগতে উপযুক্ত খাদ্যৰ অভাৱ নথকা ঠাইক প্ৰাধান্য দিয়ে । ইহঁতে জলাশয়ৰ
দাতিকাষৰীয়া ঠাইত বিশেষকৈ শিলৰ ফাঁক, গছৰ শিপাৰ মাজত থকা খুৰুং, জোপোহাৰ তলৰ গাঁত আদিত
বাঁহ সাজে আৰু চিকাৰৰ বাবে মাটি আৰু পানী এই দুয়ো ঠাইতেই বিচৰন কৰে । উদে দুই দৰণেৰে
চিকাৰ কৰে । বেছিভাগ উদে পানীত সাতুৰি গৈ মুখেৰে চিকাৰ ধৰে, কিন্তু কেইটামান প্ৰজাতিৰ
উদে সন্মুখৰ হাতোৰা দুখনেৰে চিকাৰ ধৰে । কেইটামান প্ৰজাতিৰ উদে মলত্যাগ কৰিবলৈ জলাশয়ৰ
সমীপৰ এডোখৰ ঠাই নিৰ্দিষ্ট কৰি লয় আৰু সমজুৱাভাৱে সেই নিৰ্দিষ্ট ঠাইতে সদায় মলত্যাগ
কৰে ।
অষ্ট্ৰেলিয়া
আৰু এণ্টাৰ্কটিকাৰ বাহিৰে আটাইকেইখন মহাদেশতে উদ পোৱা যায় । গোটেই পৃথিৱীতে মুঠ ১৩
টা প্ৰজাতিৰ উদ আছে আৰু ইয়াৰ ভিতৰত ৩ টা প্ৰজাতি ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো পোৱা
যায় । সেইকেইটা হৈছে ইউৰেছিয়ান উদ (Eurasian otter/Lutra lutra ), মিহি নোমেৰে আবৃত উদ (Smooth coated otter/ Lutrogale perspicillata), এছিয়ান সৰু হাতোঁৰাযুক্ত
উদ (Asian Small clawed otter/ Aonyx
cinereus)। আটাইকেইবিধ প্ৰ্জাতিৰ ভিতৰত সৰু হাতোঁৰাযুক্ত উদ আকাৰত আটাইতকৈ সৰু
আৰু সিহঁতৰ সন্মুখৰ হাতোৰা কেইখন বাকীবোৰ উদতকৈ যথেষ্ট সৰু । নখবোৰ চুটি হোৱাৰ বাবে
হাতোৰাখনেৰে শামুক, সৰু মাছ আদি ধৰিবৰ বাবে সুবিধাজনক । সিহঁতৰ দেহঁৰ ওজন মাত্ৰ ৫ কেজি
মানহে হয় । এই উদবিধ সাধাৰণতে সমূহীয়াভাৱে থাকে আৰু কেতিয়াবা ১৫ টালৈকে একেলগে দেখাৰ
প্ৰমাণ আছে । ইউৰেছিয়ান উদ মানুহৰ কাৰ্যকলাপৰ প্ৰতি বেছি স্পৰ্শকাতৰ । সেয়েহে ইহঁতক
সহজতে দেখিবলৈ পোৱা নাযায় আৰু অতি নিৰ্জন দুৰ্গম এলেকাতহে ইহঁতে বাস কৰে ।
বৰ্তমান
মানুহৰ জনস্ংখ্যাবৃদ্ধিৰ লগত সংগতি ৰাখি প্ৰচুৰমাত্ৰাত চলি থকা বনাঞ্চল ধ্বংস আৰু জলাশয়
অঞ্চলসমুহৰ দখলিকৰনে উদৰ বাসস্থানবোৰ ধ্বংস কৰি সিহঁতৰ বাবে উপযুক্ত বাসস্থানৰ নাটনিৰ
সৃষ্টি কৰিছে । তাৰোপৰি জলপ্ৰদুষনে উদৰ বাসস্থানৰ লগতে সিহতঁৰ প্ৰধান খাদ্য মাছৰো ক্ষতিসাধন
কৰিছে । খেতিবাতিত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক , অপতৃণৰোধক আদিত থকা কিছুমান গধুৰ
ধাতৱ পদাৰ্থ আৰু অন্যান্য ৰাসায়নিক দ্ৰব্যৰ জৈৱআৱৰ্ধন (biomagnification)হৈ পৰিবেশত
ৰৈ যোৱাৰ লগতে সিহঁতৰ শৰীৰতো প্ৰৱেশ কৰিছে
। তাৰফলত উদে বিভিন্ন বেমাৰত ভুগি মৃত্যুমুখত পৰাৰ উপৰিও প্ৰজননৰ বিসংগতিয়ে দেখা দিয়ে
। ইউৰোপৰ কেইজনমান বিজ্ঞানীৰ অধ্যয়নত এই তথ্য পোহৰলৈ আহে যে ৱেল্ছ অঞ্চলৰ কিছুমান
ভিতৰুৱা নিৰ্জন ঠাইত গঢ়ি উঠা বিভিন্ন খননকাৰ্য্যই হ’ল তাত বসৱাস কৰা ইউৰেছিয়ান উদবোৰৰ
বাবে উপযুক্ত খাদ্য আৰু বাসস্থান ধ্বংসৰ মুল কাৰন । স্কটলেণ্ডৰ কিছু অধ্যয়নৰ মতে পানীৰ
হাইদ্ৰ’জেন আয়ন ঘনত্ব (pH)ৰ লগত উদৰ বাসস্থান নিৰ্বাচনৰ সম্বন্ধ আছে । বেছি আম্লিক
(acidic) হৈ উঠা জলাশয় অঞ্চলসমূহ উদে সাধাৰণতে ব্যৱহাৰ নকৰে । জলপৰিৱহনত আৰু কল-কাৰখানাৰ
পৰা নিৰ্গত তেল জাতিয় পদাৰ্থ, খাৰুৱা তেলৰ খনি তথা তেল কঢ়িৱাই নিয়া বাহনৰ পৰা নিসৃত
হোৱা তেল পানীৰ পৃষ্ঠভাগত বিয়পি পৰি উদৰ লগতে অন্যান্য জলজ জীৱলৈও মাৰাত্মক বিপদ মাতি
আনে । তেলে উদৰ শৰীৰৰ নোমৰ আৱৰনটোক নষ্ট কৰি ইহঁতক অসুস্থ কৰি তোলে । মাছ্মৰীয়াক কৰা
অশান্তিৰ বাবেই বহু ঠাইত ইহঁতক ফান্দ পাতি চিকাৰ কৰে । ইয়াৰ বহুমুলীয়া নোমাল ছালখনৰ
বাবেও পৃথিৱীৰ বিভিন্ন ঠাইত উদ চিকাৰ কৰা হয় । দুৰ্ঘটনাৱসতঃ মাছ ধৰা জালত লাগিও উদ
কেতিয়াবা মৃত্যুমুখত পৰে । দক্ষিণ এছিয় দেশ বিশেষকৈ ইণ্ডোনেচিয়া, চীন, জাপান, মালয়েইছিয়া,
ভিয়েটনাম, থাইলেণ্ড আদিত সৰু আকাৰৰ উদ পোহনীয়া কৰি ৰাখিবলৈ চোৰাং বজাৰত (offline
and online) বহু দামত বেচা-কিনা কৰা হয় । এই চোৰাংব্যৱসায়ত হোৱা লাভালাভলৈ চাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰো এক চোৰাং বন্যপ্ৰানী-ব্যৱসায় চক্ৰ উদৰ চোৰাং ব্যৱসায়ত
জড়িত আছে ।
ভাৰততে বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানকে ধৰি
সংৰক্ষিত এলেকাসমূহৰ বাহিৰে বেলেগ অঞ্চলত উদ অতি কমেইহে দেখিবলৈ পোৱা যায় । ইহঁতৰ সামগ্ৰিক
অৱস্থাৰ ওপৰত অধ্যয়ন তেনেই নগন্য ।ভাৰতত উদৰ অধ্যুষিত নদী বুলি ক’লে তুংগভদ্ৰা, মান্দভি,
চম্বল, গংগা আৰু ব্ৰক্ষ্মপুত্ৰ নদীয়েই প্ৰধান । ভাৰতীয় বন্যপ্ৰানী সংৰক্ষন আইন ১৯৭২
ত এছিয়ান সৰু হাতোঁৰাযুক্ত উদক (Asian small clawed otter)১ নং তালিকাভুক্ত আৰু বাকী
দুই প্ৰ্জাতিক (Eurasian otter and Smooth coated otter ) ২ নং তালিকাভুক্ত কৰা হৈছে
। তাৰোপৰি সকলো উদৰ প্ৰজাতিয়েই ৰপ্তানি (বানিজ্য) নিয়ন্ত্ৰন আদেশ ১৯৮৮ ৰ ১ নং তালিকাৰ
দফা ‘ক’ ৰ অন্তৰ্গত অৰ্থাৎ উদৰ হত্যাৰ উপৰিও ইহঁতৰ চোৰাং ৰপ্তানি আইনমতে দণ্ডনীয় ।
বিশ্ব প্ৰকৃতি সংৰক্ষনকাৰী সংস্থাই (IUCN) এছিয়ান সৰু হাতোঁৰাযুক্ত উদ আৰু মিহি নোমেৰে
আবৃত উদক ক্ৰ্মাগত ভাৱে বিপদাপন্ন হ’বলৈ গৈ থকা (vulnerable) প্ৰানী হিচাপে স্বীকৃতি
দিয়ে । ভাৰত চৰকাৰে উদৰ সংৰক্ষনলৈ লক্ষ্য ৰাখি ২০১৬ চনত কৰ্নাটকৰ তুংগভদ্ৰা নদীত ৩৪ কি মি অঞ্চল (বালাৰি জিলাৰ
মুদলাপুৰা গাৱৰ পৰা কাম্পলি লৈকে) “তুংগভদ্ৰা উদ সংৰক্ষিত
বনাঞ্চল” ঘোষনা কৰে । অসমতো বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চল সমুহতহে
উদ দৃষ্টিগোচৰ হয়, সেয়েহে সংৰক্ষিত অঞ্চলৰ গাতে লাগি থকা জলাশয় সমূহো উদৰ বাবে উপযুক্ত
বাসস্থান হিচাপে সংৰক্ষন কৰি ৰাখিবলৈ চেষ্টা কৰাটো বাঞ্ছনীয় । আমি সকলোৱে জনা উচিত
যে শিহুৰ অৱস্থিতিয়ে নদীতন্ত্ৰক উচ্চমান সম্পন্ন কৰি তোলাৰ দৰেই যিকোনো জলাশয়ত উদৰ
অৱস্থিতিয়ে সেই অঞ্চলৰ সুস্থ আৰু সৱল বাতাবৰণৰ ইংগিত দিয়ে । গতিকে আজিৰ বস্তুবাদী ব্যস্ত
জীৱনৰ বাবে খুবেই অদৰকাৰী সাধাৰণ কথা যেন লাগিলেও, সকলোৰে অজানিতেই আমাৰ চৌপাশৰ জলাশয়
সমুহৰ পৰা লাহে লাহে উদ নামৰ প্ৰাণীবিধ নাইকিয়া হৈ গৈ থকাৰ এই প্ৰক্ৰিয়াটো নিশ্চিত
ভাৱেই এক চিন্তনীয় বিষয় ।
আগলৈ
Comments
Post a Comment