জোনাকী পৰুৱাৰ কাহিনী

             মোৰ এতিয়াও মনত আছে যে সৰুতে গধূলি ঘৰত কাৰেণ্ট নেথাকিলে দুটা কথাত খুব ফুৰ্তি পাইছিলো ; এটা আছিল অলপ সময় পঢ়াৰ পৰা ৰেহাই পাম বুলি আৰু দ্বিতীয়টো  আছিল জোনাকী পৰুৱা চাবলৈ পাম বুলি । আগতে অসমৰ গাঁও আৰু নগৰৰ মফছ্লীয়া অঞ্চলবোৰত যিদৰে জাক জাক জোনাকী পৰুৱাৰ জিল-মিলনিৰ এক মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছিল, আজিকালি সেইয়া খুব কমেইহে দৃষ্টিগোচৰ হয় । আমিও দৈনন্দিন যান্ত্ৰিকতাৰ মাজত এই সৰু সৰু জীৱবোৰৰ কথা পাহৰি পেলাইছো আৰু ইহঁতে সৃষ্টি কৰা আমেজবোৰো লাহে লাহে হেৰাই গৈছে ।

জোনাকী পৰুৱাৰ বাসভুমি হ’ল ক্ৰান্তীয় (Tropical) আৰু উপক্ৰান্তীয় (Subtropical) অঞ্চলৰ আদ্ৰভূমি (wetland)আৰু হাবি-বননি সমূহ । জোনাকী পৰুৱা এবিধ পাখিযুক্ত নিশাচৰ পতংগ (insect) । ইহঁত beetles অৰ্থাৎ Coleoptera গণ (order)ৰ Lampyridae পৰিয়ালৰ সদস্য । সমগ্ৰ পৃথিৱীতে প্ৰায় ২০০০ বিধ জোনাকী পৰুৱাৰ প্ৰজাতি বৰ্তমানলৈকে আৱিষ্কাৰ হৈছে । জোনাকী পৰুৱাৰ বেলেগ বেলেগ প্ৰজাতি সমূহৰ শৰীৰৰ গঠন, পোহৰ বিকিৰণ কৰাৰ নমুনা (Pattern), জীৱনচক্ৰ, আচৰণ আদিও বেলেগ বেলেগ ধৰণৰ হয় । Photinus, Lampyris আদি জাতিৰ জোনাকী পৰুৱা প্ৰজাতিবোৰে হালধীয়া-সেউজীয়া মিহলি পোহৰ বিকিৰণ কৰে । Phausis জাতিৰ জোনাকী পৰুৱাবোৰে নীলা সেউজীয়া ৰঙৰ পোহৰ বিকিৰণ কৰে । Peroptyx জাতিৰ জোনাকী পৰুৱাবোৰ ক্ৰান্তীয় এছিয়াৰ দেশবোৰতহে পোৱা যায় আৰু ইহঁতৰ বহুসংখ্যক লগ লাগি সমবেত ভাৱে পোহৰ বিকিৰণ (synchronized flashing) কৰে ।

জোনাকী পৰুৱাৰ পোহৰ বিকিৰণ কৰা প্ৰক্ৰিয়াটোক Bioluminescence বুলি কোৱা হয় । ইয়াৰ অৰ্থ হ’ল ‘জীৱিত বস্তুৰ পৰা পোহৰ নিৰ্গত হোৱা’ । জোনাকী পৰুৱাবোৰৰ পেটৰ তলৰ অংশত এক পোহৰ দিয়া অংগ থাকে । ইহঁতে ইয়াৰ ভিতৰত অক্সিজেন সোমোৱাই লয় আৰু এই অংগৰ ভিতৰত থকা বিশেষ কিছুমান কোষত থকা Luciferin নামৰ পদাৰ্থৰ লগত অক্সিজেন মিহলি হৈ পোহৰ নিৰ্গত হয় । এই পোহৰৰ লগত কিন্তু তাপ উৎপন্ন নহয় । জোনাকী পৰুৱাৰ পোহৰ বিকিৰণ কৰা ভিন্নতা আৰু নমুনা (pattern)য়ে ইহঁতক প্ৰজননৰ সংগী নিৰ্বাচন কৰাত সহায় কৰে । ইহঁতৰ পোহৰ বিকিৰণৰ বিষয়ে এতিয়াও বহু তথ্য ৰহস্যৰ আৱৰ্ততেই আছে ।

আমাৰ দেশত ৭-৮ বিধ মান জোনাকী পৰুৱাৰ প্ৰজাতি পোৱাৰ তথ্য আছে । পোহৰ প্ৰদূষণ, বনাঞ্চল আৰু আদ্ৰভূমি ধ্বংস, ৰাসায়নিক কীটনাশক আৰু অপতৃণৰোধক আদিৰ সঘন ব্যৱহাৰ,  জলবায়ু পৰিৱৰ্তন আদিয়েই বৰ্তমান জোনাকী পৰুৱা হ্ৰাস হোৱাৰ অন্যতম কাৰণ । The new Indian Express নামৰ অনলাইন মেগাজিন খনত ৬ মে’, ২০২২ ত প্ৰকাশিত এক লিখনিত দিছে যে তামিলনাডুৰ আনামালাই বাঘ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভাগত ২০২২ চনৰে এপ্ৰিল মাহত কিছু বনবিষয়া আৰু জোনাকী পৰুৱাৰ গৱেষকে প্ৰায় ৮০০০ হেক্টৰজুৰি এলেকা বিয়পি থকা জোনাকী পৰুৱাৰ এক বৃহৎ দল দেখিবলৈ পায় । সেই এলেকাৰ গছবোৰত লক্ষ লক্ষ জোনাকী পৰুৱা আছিল আৰু সিহঁতে সকলোৱে একেলগে এক নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে পোহৰ বিকিৰণ কৰি আছিল (synchronized flashing)। সেই পৰিঘটনা লক্ষ্য কৰি তেওঁলোকে সেই জোনাকী পৰুৱাৰ DNA sample সংগ্ৰহ কৰি গৱেষণাৰ কথা চিন্তা কৰিছে । ই ভাৰতত উপলব্ধ প্ৰজাতিসমূহৰ বিষয়ে নতুন তথ্যৰ সমল কঢ়িওৱাৰ সম্ভাৱনা আছে ।

Comments

  1. ভাল লাগিল পঢ়ি খুব। নজনা কথা জানিলো।

    ReplyDelete

Post a Comment