মাছুৱৈ
জন্তু বুলি ক’লেই স্বতঃস্ফূৰ্ত ভাৱে আমাৰ মেকুৰীৰ কথাই প্ৰথম মনলৈ আহে । কিন্তু আচলতে সকলো মেকুৰীৰ প্ৰ্ধান খাদ্য মাছ নহ'বও পাৰে । তাৰোপৰি মেকুৰীক
আমি সদায় পোহনীয়া জন্তু হিচাপেহে গণ্য কৰি আহিছো । আমি এইটো পাহৰিয়েই যাও যে সদায় দেখি দেখি অভ্যস্ত হোৱা পোহনীয়া
মেকুৰীৰ প্ৰজাতিটো আচলতে এক ডাঙৰ মেকুৰী পৰিয়ালৰ (Felidae family) সদস্যহে আৰু সিহঁত এসময়ত বনৰীয়াই আছিল । খ্ৰীষ্টপূৰ্ব ৭০০০ মানতেই মানুহে বনৰীয়া মেকুৰী কিছুমান বিভিন্ন
কামৰ বাবে পোহিবলৈ আৰম্ভ কৰিছিল । পাছলৈ সিহঁতক বনৰীয়া পৰিয়াল টোৰ ভিতৰতে এক পৃথক প্ৰজাতি
(Felis catus)হিচাপেই স্বীকৃতি দিয়া হয়
। কিন্তু মেকুৰীৰ পৰিয়াল (Felidae family)ৰ বাকী সদস্যসমুহ দৰাচলতে আজিও বনৰীয়া জন্তুহে
। এই পৰিয়ালৰ ভিতৰতে ঢেকিয়াপটীয়া বাঘ, সিংহ, নাহৰফুটুকী , snow leopard আদি সদস্য সমুহৰ
আকাৰ ডাঙৰ । অন্যহাতেদি ভাৰতৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা অলপ আকাৰত সৰু জাতৰ বনৰীয়া
মেকুৰীসমুহ হ’ল Leopard cat (লতামাকৰি বাঘ), Marbled cat, Jungle cat (বনমেকুৰী/বনবোন্দা),
golden cat ( সোনালী মেকুৰী), Fishing cat (মেছেকা), Indian Desert cat (মৰুভূমিৰ মেকুৰী),
Pallas’s cat, Rusty spotted cat । এই আটাইকেইবিধ মেকুৰী প্ৰজাতিৰ ভিতৰত Fishing
cat বা মেছেকাই (Prionailurus viverrinus) হ’ল এনে এক বনৰীয়া মেকুৰী যাৰ প্ৰ্ধান খাদ্য হ'ল মাছ । হাবিত থকা
বনৰীয়া মেকুৰী প্ৰজাতিবোৰৰ মাজত খাদ্যৰ বাবে ক্ৰমাগত ভাৱে বাঢ়ি অহা প্ৰতিযোগিতাৰ সন্মুখীন
হৈ মিঅচিন যুগতেই এই পৰিয়ালৰ কিছুমান সদস্যই চিকাৰৰ বাবে সম্পুৰ্ণৰূপে জলাশয় অঞ্চল
সমুহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰে । তেনেকৈয়ে ক্ৰমবিৱৰ্তন হৈ বৰ্তমানৰ মাছুৱৈ মেকুৰী
বা মেছেকা প্ৰজাতিৰ সৃষ্টি হয়গৈ ।
মেছেকা দেখাত সাধাৰণ মেকুৰীটোতকৈ যথেষ্ট ডাঙৰ
আৰু হৃষ্ট-পুষ্ট হয় । শৰীৰৰ দৈৰ্ঘ্য প্ৰায় ৫০ ৰ পৰা ৮০ চেন্টিমিটাৰ আৰু ওজন ৫ ৰ পৰা
১৬ কেজি লৈকে হ’ব পাৰে । গাৰ ৰ্ং ধোৱা-বৰণীয়াৰ ওপৰত ক’লা ফুট-ফুটিয়া আৰু কান্ধ অংশৰ
পৰা গালৈকে ক’লা আঁক টনা; তলপেট বগা । নেজৰ দৈৰ্ঘ্য শৰীৰৰ মুঠ দৈৰ্ঘ্যৰ আধা (২০ ৰ পৰা
৩০ চেন্টিমিটাৰ) । মেছেকা সাধাৰণতে নিশাচৰ অৰ্থাৎ ইহঁতে ৰাতি চিকাৰ কৰিবলৈ ওলাই আৰু
পানীজুৱলিৰ কাষত ৰৈ থাকি সুবিধা বুজি পানীৰ পৰা মাছ মুখখনেৰে কামুৰ মাৰি ধৰি আনে । প্ৰয়োজনত ইহঁতে পানীৰ
ভিতৰলৈকে সাতুৰি গৈও চিকাৰ কৰিব পাৰে । ইহঁতৰ হাতোঁৰা কেইখন পতাৰ দৰে (webbed
feet)হোৱাৰ বাবে সহজতে পানীৰ ভিতৰলৈ সাতুৰি যাব পাৰে । মাছৰ উপৰিও ইহঁতে জলাশয় অঞ্চলত
থকা চৰাই, সৰীসৃপ, ভেকুলী, এন্দুৰ জাতিয় প্ৰানী আদিও খায় । পোৱালি থকা মাইকী মেছেকাৰ
বাদ দি বাকী মেছেকাবোৰক অকলশৰীয়াকৈয়ে চলা-ফুৰা কৰা দেখা যায় ।
মেছেকা এছিয়া মহাদেশৰ বিভিন্ন প্ৰান্তত পোৱা যায়
যদিও ভাৰত, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাত ইহঁতৰ অৱস্থিতি অলপ লেখত ল’ব লগীয়া । অঞ্চলবিশেষে
সিহঁতৰ সামগ্ৰিক অৱস্থাৰ ওপৰত অলপ-অচৰপ অধ্যয়ন হৈছে যদিও ইহঁতৰ বিষয়ে অধিকাংশ তথ্য
এতিয়াও আমাৰ অজ্ঞাতেই আছে । বৰ্তমান প্ৰাকৃতিক জলাশয়সমুহক দখল কৰি খেতি-পথাৰ,
মীনপালনৰ পুখুৰী আৰু মানুহৰ বসতিস্থললৈ সলনি কৰাৰ প্ৰক্ৰিয়াটোৱেই মেছেকাৰ বাসস্থান
ধ্বংসৰ মূল কাৰণ বুলি ক’ব পাৰি । তাৰোপৰি বৰ্তমান মহামাৰী স্বৰূপ জলপ্ৰদুষনেও মেছেকাৰ
বাসস্থান ধ্বংসৰ উপৰিও প্ৰধান খাদ্য মাছৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই আওপকীয়াকৈ হ’লেও
মেছেকালৈ বিপদ মাতি আনিছে । মেছেকাৰ ওপৰত প্ৰ্দুষনৰ পোনপটিয়া প্ৰভাৱৰ ওপৰত এতিয়ালৈকে
অধ্যয়ন নাই হোৱা বুলিবই পাৰি কিন্তু এই বিষয়ে চিন্তাৰ নিশ্চয় অৱকাশ আছে । অঞ্চল বিশেষে
মাছক কেন্দ্ৰ কৰি মানুহ আৰু মেছেকাৰ মাজত হোৱা স্ংঘাতৰ প্ৰ্ৱলতাৰ তাৰতম্য থাকিলেও ইও
মেছেকাৰ ক্ৰ্মাগত বিলুপ্তিৰ এক অন্যতম কাৰন ।
মেছেকাৰ অৱস্থিতিয়ে জলাশয়সমুহৰ
প্ৰাকৃতিক গুনগত মানদণ্ড নিৰূপণ কৰে । কিন্তু সাধাৰন মাছ্মৰীয়া বা মীনপালনকাৰী সকলে
মেছেকাক তেওলোকৰ শত্ৰু বুলিহে গন্য কৰে আৰু ইয়াৰ পাৰিৱেশিক গুৰুত্বৰ ওপৰত হয়তো কমেইহে
চিন্তা কৰে । মেছেকাৰ সামগ্ৰিক স্থিতি অধ্যয়ন কৰি বিশ্ব পৰিৱেশ স্ংৰক্ষনকাৰী সংস্থা
(IUCN)য়ে ২০১৬ চনত ইহঁতক ক্ৰমাগভাৱে বিপদাপন্ন হ’বলৈ গৈ থকা (Vulnerable) প্ৰানী হিচাপে
স্বীকৃতি দিয়ে । তাৰোপৰি ভাৰতকে ধৰি বহু কেইখন দেশত মেছেকা হত্যা কৰাটো আইন মতে দণ্ডনীয়
। কিন্তু কেৱল মাত্ৰ আনুস্থানিক স্বীকৃতি আৰু আইনে এই প্ৰানীসমুহক আমাৰ মাজৰ পৰা নাইকিয়া
হৈ যোৱাতো ৰোধ কৰিব পাৰিব জানো । মেছেকা, উদ আদি মাছুৱৈ জন্তুবোৰক আমাৰ শত্ৰু বুলি
ভৱা ভুল ধাৰণাটো আতৰাবলৈ সজাগতা অনাৰ অতি প্ৰয়োজন আছে । কাৰন অৰ্থনৈতিক আৰু ৰাজনৈতিক
গুৰুত্বৰ মেৰ-পেচৰ পৰা নিলগাই সকলো ধৰনৰ সৰু ডাঙৰ জীৱ-জন্তুৰে সৈতে সমগ্ৰ প্ৰাকৃতিক
পৰিৱেশৰ গুৰত্বইও মানুহৰ জিয়াই থকাৰ মৌলিক প্ৰয়োজন হিচাপে সাধাৰণ জনমানসত স্বীকৃতি
পালেহে সকলো আনুস্থানিক স্বীকৃতি অৰ্থপুৰ্ন হৈ উঠিব । তেনে দিন আহিবলৈ দুৰ যদিও এদিন
আহিব বুলি আশা কৰাৰ নিশ্চয় থল আছে ।
Comments
Post a Comment