জলবায়ু আৰু গছ-গছনিৰ বৈচিত্ৰৰ ওপৰত ভিত্তি কৰি ভিন্নতাৰে পৰিপূৰ্ণ অসমৰ বনাঞ্চল সমূহৰ ভিতৰত চিৰসেউজীয়া (Tropical and subtropical evergreen forest)আৰু প্ৰায় বা অৰ্ধ চিৰসেউজীয়া (semi evergreen forest) বনাঞ্চল অন্যতম । চিৰসেউজীয়া বনাঞ্চলসমূহৰ বিশেষত্ব হ’ল যে এই অঞ্চল সমূহত বছৰি গড় ২.৫ মিটাৰতকৈ বেছি বৰষুণ দিয়ে, তাপমাত্ৰা গড় ২৫০ পৰা ২৭০ চেণ্টিগ্ৰেড আৰু আপেক্ষিক আদ্ৰতা (relative humidity) ৮০ ৰ পৰা ৯০ লৈকে যায় । এই ভৌতিক কাৰকৰ প্ৰভাৱত এই ধৰণৰ বনাঞ্চলবোৰ চিৰসেউজীয়া গছ-গছনিৰ আৱাসস্থল অৰ্থাৎ গছ-গছনি সমূহ বহল পাতৰ, বহুত ওখ, ঘন । গছবোৰ চিৰসেউজীয়া অৰ্থাৎ বছৰৰ বেছিভাগ দিন গছত পাত থাকে, ঋতু অনুযায়ী পাত নসলায় । অসমৰ ৰাজ্যিক গছ হিচাপে স্বীকৃত হলং গছ (Dipterocarpous macrocarpus) চিৰসেউজীয়া বনাঞ্চলতে পোৱা যায় । তাৰোপৰি বিভিন্ন প্ৰজাতিৰ ঢেকিয়া জাতিয় উদ্ভিদ (Ferns), অৰ্কিড, পৰাশ্ৰয়ী উদ্ভিদ (Epiphytes), লতাজাতিয় উদ্ভিদ (creepers) আদি এই ধৰণৰ বনাঞ্চল সমূহত যথেষ্ট পৰিমাণে পোৱা যায় । উজনি অসমৰ তিনিচুকীয়াৰ পৰা গোলাঘাটলৈকে, ধেমাজি আৰু লক্ষিমপুৰ জিলাৰ কিছু অঞ্চল, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ সংৰক্ষিত বনাঞ্চল সমূহত এই চিৰসেউজীয়া গছ-গছনিবোৰ দেখিবলৈ পোৱা যায় । প্ৰায়-চিৰসেউজীয়া বনাঞ্চল গোতেই ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বিয়পি আছে বুলি ক’লেও ভুল নহয় । এই অঞ্চলবোৰত বৰষুণৰ পৰিমাণ বছৰি গড়ে ১.৫ ৰ পৰা ২ মিটাৰৰ ভিতৰত হয় আৰু তাপমাত্ৰা বছৰি গড় ১৮০ ৰ পৰা ২৫০ ৰ ভিতৰত হয় । এই ধৰণৰ বনাঞ্চলত চিৰসেউজীয়া আৰু পৰ্ণপাতী এই দুই প্ৰকাৰৰে গছ-গছনি পোৱা যায় । গছ-গছনিৰ পৰিমাণ চিৰসেউজীয়া বনাঞ্চলতকৈ অলপ পাতলীয়া হয় আৰু কিছুমান গছে ঋতু অনুযায়ী পাত সলায় । বনাঞ্চল সমূহত বহল পাতৰ ওখ গছৰ লগতে চাপৰ আৰু জোপোহা জাতিয় গছ-গছনিও যথেষ্ট পৰিমাণে থাকে । বিভিন্ন প্ৰজাতিৰ লতাজাতিয় উদ্ভিদ, অৰ্কিড, ঢেকিয়া জাতিয় উদ্ভিদ আদিৰ লগতে বাঁহ আৰু বেতৰ কিছুমান প্ৰজাতি এই বনাঞ্চলবোৰত পোৱা যায় ।
অসম তথা উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ অতীজৰে পৰা সেউজীয়া অতব্য অৰণ্যৰে ভৰা অঞ্চল হিচাপে পৰিচিত । মহাভাৰততো এই বিষয়ে উল্লেখ পোৱা যায় । আহোমসকলে অসমত প্ৰৱেশ কৰাৰ আগলৈকে কছাৰী, চুতিয়া, মৰান, মটক আদি থলোৱা জনগোষ্ঠীবোৰে নদীকাষৰীয়া অঞ্চলসমূহত অস্থায়ীভাৱে খেতি কৰি বনাঞ্চলসমূহৰ লগতেই বসবাস কৰি আহিছিল । সাধাৰণ ঘৰুৱা ব্যৱহৃত সামগ্ৰী যেনে: খৰি, বাঁহ, ঔষধি উদ্ভিদ, শাক, ফল আদিৰ বাবে তেওঁলোক বনাঞ্চল সমূহৰ ওপৰত নিৰ্ভৰশীল আছিল । আহোমসকলেই প্ৰথম অসমলৈ আহি কিছু বনাঞ্চল মুকলি কৰি স্থায়ীভাৱে দঁ খেতি কৰা প্ৰক্ৰিয়াৰ আৰম্ভ কৰে । তাৰোপৰি তেওঁলোকে শিৱসাগৰ, যোৰহাট আদি জিলাৰ অৰ্থাৎ তেতিয়াৰ ৰংপুৰৰ অৰ্ধ চিৰসেউজীয়া বনাঞ্চলসমূহৰ পৰা যথেষ্ট পৰিমাণৰ ডাঙৰ ডাঙৰ গছ কাটি উৎকৃষ্ট কাঠ উলিয়াই যুদ্ধৰ নাঁও সাজিবলৈ ব্যৱহাৰ কৰে । সেইসময়ত অসমত হোৱা জনসংখ্যা বৃদ্ধিয়ে খেতিবাতি আৰু বাসস্থানৰ বাবে মুকলি ঠাইৰ প্ৰয়োজন বঢ়াই তুলিলে আৰু তাৰ ফলত উজনি অসমত যথেষ্ট পৰিমাণে বনাঞ্চল ধ্বংস হ’ল । কিন্তু সেই সময়ৰ গোটেই বৃহত্তৰ অসমত বনাঞ্চলৰ পৰিমাণলৈ চালে এই ক্ষতি তেনেই নগন্য বুলিব পাৰি । ওঠৰশ শতিকাত ব্ৰিটিছ সকলৰ আগমনে অসমৰ বনজসম্পদ সমূহৰ বাবে এক জটিল অৱস্থা আনি দিলে । তেওঁলোকে প্ৰথমেই আহি চিংফৌসকলৰ পৰা অসমৰ চাহৰ বিষয়ে গম পাই আৰু অতি সোনকালেই ব্যৱসায়ভিত্তিক চাহৰ উৎপাদনৰ কথা চিন্তা কৰি চাহৰ বাগান বহোৱাৰ বাবে কাম আৰম্ভ কৰে । বাগানৰ বাবে প্ৰয়োজন হোৱা মুকলি ঠাই উলিয়াবলৈ উজনি অসমৰ বিশাল চিৰসেউজীয়া আৰু অৰ্ধ চিৰসেউজীয়া বনাঞ্চলসমূহৰ গছ-গছনিসমূহ কটাৰ কাম হাতত লয় । এই কাৰ্য্যত স্থানীয় মানুহৰ আগ্ৰহ কম যেন দেখি ঝাৰখণ্ডৰ পৰা আদিবাসী বাসিন্দা সকলক দাস হিচাপে অসমলৈ লৈ অনা হয় । এই লোকসকলক ইতিমধ্যেই ব্ৰিটিছ সকলে উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত জংঘল কটা কামত দাস হিচাপে কামত লগাইছিল আৰু সেই বনাঞ্চলসমূহৰ পৰা উৎকৃষ্টমানৰ কাঠ ইংলেণ্ডৰ লগতে পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰি প্ৰচুৰ ধন উপাৰ্জন কৰিছিল । ডাঙৰ গছ কটাৰ অভ্যাস থকা আদিবাসী লোকসকলৰ সহায়ত উজনি অসমৰ চিৰসেউজীয়া আৰু অৰ্ধ-চিৰসেউজীয়া বনাঞ্চলসমূহৰ বহু অংশ প্ৰায় মুকলি কৰি পেলোৱা হয় আৰু তেওঁলোকৰ দ্বাৰাই চাহ খেতি কৰিবলৈ আৰম্ভ কৰা হয় । চাহ ব্যৱসায়ৰ জৰিয়তে আৰম্ভ হোৱা অসমৰ এই মূল্যবান বনাঞ্চলসমূহৰ অবনানিকৰন (deforestation) প্ৰক্ৰিয়াত পাছলৈ সংযুগ হৈছিল উজনি অসমত সেই সময়ত বহল পৰিসৰত আৰম্ভ কৰা প্লাইৱোডৰ উদ্যোগ । উদ্যোগীকৰণৰ লগত সংগতি ৰাখি আৰম্ভ হোৱা ৰেইললাইন স্থাপন আৰু ৰেলৰ দবা সমূহ কঢ়িওৱাৰ বাবেও যথেষ্ট পৰিমাণৰ বনাঞ্চল কটা গৈছিল । উনৈশ শতিকাত স্বাধীনতাৰ পাছৰ পৰা বিভিন্ন সময়ত নিৰৱচ্ছিন্ন ভাৱে হৈ থকা লোকপ্ৰবজনে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বহুল হাৰত জনসংখ্যাবৃদ্ধি কৰি তোলে । এই প্ৰবজিত লোকসকলে ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰি তেওঁলোকৰ বাসস্থান আৰু খেতি বাতিৰ বাবে স্থান দখল কৰি লয় । ১৯৭৭ চনত ত অসমত ৰূপায়ন হোৱা বন্যজীৱ সংৰক্ষন আইন (১৯৭২) আৰু ১৯৮০ চনৰ বন সংৰক্ষণ আইনে বনাঞ্চলসমূহৰ গছ কটা কাৰ্য্যত নিষেধ আৰূপ কৰে । ১৯৯৬ ত চুপ্ৰিম ক'ৰ্টে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ বনাঞ্চলৰ গছ কটা কাৰ্য্যত নিষেধআজ্ঞা জাৰি কৰে । এই সময়চোৱাৰ পৰাহে অসমত বনাঞ্চল সংৰক্ষণৰ বিষয়ে কিছু সজাগতা আহি পৰা দেখা যায় ।
Comments
Post a Comment