অসমৰ বনাঞ্চলসমুহ

 

অসমীয়া হিচাপে ভাৰতৰ অন্য ৰাজ্যসমূহৰ মানুহৰ লগত কথা পাতিলে অনুভৱ কৰিব পাৰি যে তেওঁলোকে অসম তথা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহ অৰণ্যৰে ভৰা বুলি ভাৱে আৰু এই বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে । আমাৰ বহুতেই আকৌ এই কথাষাৰ লৈ দুখ প্ৰকাশ কৰে যে আমাক কিয় জংঘলৰ কথাই সুধে । আমি এই কথাষাৰত আচলতে দুখ বা লাজ কৰাতকৈ গৌৰৱ কৰাহে উচিত। সেউজ শুভাৰে ভৰা পৰিৱেশত পৰিষ্কাৰ বায়ু সেৱন কৰিবলৈ পোৱাটো আজিৰ দিনত নিশ্চয়কৈ অতি সৌভাগ্যৰ কথা । প্ৰকৃততে আমি দুখ কৰিব লগীয়া বিষয় এইটোহে যে আমাৰ অৰণ্য সমুহ আৰু আগৰ দৰে  হৈ থকা নাই ; লাহে লাহে অসম তথা গোটেই উত্তৰ-পূৰ্বাঞ্চলতে যি হাৰত বনাঞ্চলসমুহ নাইকিয়া হৈ আহিছে সেইটো অতি চিন্তাৰ বিষয় । আজি অসমৰ মুঠ মাটিকালিৰ মাত্ৰ ৩8% হে বনাঞ্চল হিচাপে বাকী ৰৈছেগৈ । দেখা যায় অসমত থকা বিভিন্ন প্ৰকাৰৰ বনাঞ্চলৰ বিষয়ে আমাৰ সাধাৰণ জ্ঞান কেৱল কেইখনমান ৰাষ্ট্ৰীয় উদ্যানতেই সীমাবদ্ধ হৈ আছে । আমাৰ প্ৰ্তিখন জিলাতে নো কি কি ধৰণৰ বনাঞ্চল আছে, তাত কি কি ধৰণৰ গছ-গছনি পোৱা যায় আৰু সেইবোৰৰ বিশেষত্ব তথা গুৰুত্ব কি তাক আমি কেতিয়াবা ভাৱি চাইচোনে বাৰু । আজি যদি প্ৰতিজন অসমীয়া তথা উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিয়ে সেই বিষয়ে জানে আৰু বনাঞ্চলসমুহৰ গুৰুত্ব বুজি উঠে তেতিয়া নিশ্চয় এই প্ৰাকৃতিক সম্পদ সমুহক কিছু হ’লেও ৰক্ষা কৰিব পৰা যাব । আহকচোন আমাৰ অসমত উপলব্ধ হোৱা বনাঞ্চলসমূহৰ বিষয়ে অলপ  থুলমূলকৈ জানি লও ।  

  ক) সেমেকা চিৰসেউজীয়া বনাঞ্চল (Tropical and subtropical moist evergreen forest): জলবায়ু আৰু বতৰৰ বিভিন্ন বিশেষত্ব যেনে বছৰি গড় ২.৫ মিটাৰতকৈ বেছি বৰষুণ, তাপমাত্ৰা গড় ২৫ পৰা ২৭, আপেক্ষিক আদ্ৰতা (relative humidity) ৮০ ৰ পৰা ৯০ আদি ভৌতিক কাৰকৰ প্ৰভাৱত এই ধৰণৰ বনাঞ্চলবোৰ চিৰসেউজীয়া গছ-গছনিৰ আৱাসস্থল । এই বনাঞ্চলসমূহত থকা বহল পাতৰ গছ-গছনি সমূহ বহুত ওখ, ঘন আৰু চিৰসেউজীয়া অৰ্থাৎ ইহঁতে ঋতু অনুযায়ী পাত নসলায় । বিভিন্ন প্ৰজাতিৰ ঢেকিয়া জাতিয় উদ্ভিদ (Ferns), অৰ্কিড, পৰাশ্ৰয়ী উদ্ভিদ (Epiphytes), লতাজাতিয় উদ্ভিদ (creepers) আদি এই ধৰণৰ বনাঞ্চলত পোৱা যায় । অসমৰ ৰাজ্যিক গছ হিচাপে স্বীকৃত হলং গছ (Dipterocarppous macrocarpus) চিৰসেউজীয়া বনাঞ্চলৰ অংগ । জিলা হিচাপে চালে উজনি অসমৰ তিনিচুকীয়াৰ পৰা গোলাঘাটলৈকে, ধেমাজি আৰু লক্ষিমপুৰ জিলাৰ কিছু অঞ্চল, কাছাৰ আৰু কৰিমগঞ্জত সেমেকা চিৰসেউজীয়া বনাঞ্চল দেখিবলৈ পোৱা যায় ।

খ) প্ৰায়-চিৰসেউজীয়া বনাঞ্চল (semi evergreen forest): প্ৰায়-চিৰসেউজীয়া বনাঞ্চল গোতেই ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বিয়পি আছে বুলি ক’লেও ভুল নহয় । বৰষুণৰ পৰিমাণ বছৰি গড়ে ১.৫ ৰ পৰা ২ মিটাৰৰ ভিতৰত হয় আৰু তাপমাত্ৰা বছৰি গড় ১৮ৰ পৰা ২৫ ৰ ভিতৰত হয় । এই ধৰণৰ বনাঞ্চলত চিৰসেউজীয়া আৰু পৰ্ণপাতী এই দুই প্ৰকাৰৰে গছ-গছনি পোৱা যায় । এই বনাঞ্চল সমূহ সেমেকা চিৰসেউজীয়া বনাঞ্চলতকৈ অলপ পাতলীয়া হয় আৰু কিছুমান গছে ঋতু অনুযায়ী পাত সলায় । বনাঞ্চল সমূহত বহল পাতৰ ওখ গছৰ লগতে চাপৰ গছ আৰু জোপোহা জাতিয় গছ-গছনিও যথেষ্ট পৰিমাণে থাকে । বিভিন্ন প্ৰজাতিৰ লতাজাতিয় উদ্ভিদ (Liannas and stragglers), অৰ্কিড, ঢেকিয়া জাতিয় উদ্ভিদ আদিৰ লগতে কিছুপৰিমাণে বাঁহ-বেত ও এই বনাঞ্চলবোৰত পোৱা যায় ।

গ) সেমেকা পৰ্ণপাতী বনাঞ্চল (Wet deciduous forest): পৰ্ণপাতী বনাঞ্চল সমূহত গছ-গছনিবোৰে ঋতু অনুযায়ী পাত সলায় ।  

i)       শাল কাঠনি (sal forest): মধ্য আৰু নামনি অসমৰ জিলা সমূহৰ বিভিন্ন অঞ্চলত শাল কাঠনি সিচৰিত হৈ আছে । এই বনাঞ্চলত শাল গছৰ (Shorea robusta) প্ৰাধান্য বেছি 

ii)       সানমিহলি সেমেকা পৰ্ণপাতী বনাঞ্চল (Wet deciduous mixed forest): এইধৰণৰ বনাঞ্চলত পৰ্ণপাতি গছ-গছনিৰ প্ৰাধান্য বেছি যদিও কিছু পৰিমানে চিৰসেউজীয়া আৰু প্ৰায় চিৰসেউজীয়া, জোপোহা জাতিয় গছ, বন (herbs) আদি বিভিন্ন প্ৰকাৰৰ গছ-গছনি ইয়াত পোৱা যায় । এই বনাঞ্চল সমূহত পোৱা প্ৰধান গছ-গছনিবোৰ হ’ল যেনে শিশো (Dalbergia sp.), ডিমৰু (Ficus sp.), বট , এজাৰ (Lagerstroemia sp.), চতিয়না (Alstonia scholaris), শিৰিচ (Albizia sp.) আদি । অসমৰ লক্ষিমপুৰ, ধেমাজি, কাছাৰ আৰু কাৰ্বি-আংলং জিলাত এই ধৰণৰ বনাঞ্চল আছে ।  

ঘ) শুকান পৰ্ণপাতী বনাঞ্চল (Dry deciduous forest): বছৰি বৰষুণৰ পৰিমাণ তুলনামুলক ভাৱে কমকৈ হোৱা সেমেকা পৰ্ণপাতী বনাঞ্চলৰ দাতিকাষৰীয়া অঞ্চল কিছুমানক শুকান পৰ্ণপাতী বনাঞ্চল বোলা হয় । এই বনাঞ্চল সমূহত মধ্যমিয়া উচ্চতাৰ পৰ্ণপাতী গছৰ লগতে কিছু চাপৰ জোপোহা জাতিয় গছ-লতা দেখিবলৈ পোৱা যায় । মধ্য আৰু নামনি অসমৰ জিলাকেইখনৰ উপৰিও কাছাৰ, কাৰ্বি-আংলং আৰু ব্ৰক্ষ্মপুত্ৰ নদীৰ মাজত অকলশৰীয়াকৈ থকা তিলাসদৃশ দ্বীপ (যেনে: উমানন্দ) সমূহত এইধৰণৰ বনাঞ্চল পোৱা যায় ।

ঙ) বনাঞ্চলৰ ধ্বংসাৱশেষ আৰু জোপোহা (Degraded and shrub land): এসময়ত বিভিন্ন গছ-গছনিৰে ভৰি থকা বনাঞ্চলসমূহৰ গছবোৰ মানুহে খেতি-বাতি, বসবাস আৰু বিভিন্ন কাৰ্য্যকলাপৰ প্ৰয়োজনৰ বাবে কাটি পেলোৱাৰ বাবে কেৱল ধ্বংসাৱশেষহে বাকী ৰৈছেগৈ । কিছু পৰ্ণপাতী গছৰ লগতে জোপোহা জাতিয় গছ-গছনিবোৰ এই ধৰণৰ বনাঞ্চলসমূহত পোৱা যায় ।

চ)  ঘাঁহনি অঞ্চল (grassland and savannah): অসমৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ এক বৈশিষ্টপূৰ্ণ বনাঞ্চলৰ প্ৰকাৰ হৈছে ঘাঁহনি অঞ্চল । ঘাহঁনি অঞ্চল আটাইকেইখন সংৰক্ষিত বনাঞ্চল এলেকাৰে গুৰুত্বপূৰ্ণ অংগ আৰু বিভিন্ন ধৰণৰ বন্য জীৱ-জন্তুৰ লগতে ঘাঁহনিত বসবাস কৰা বিভিন্ন চৰাইৰ বাসস্থান । অসমৰ ঘাঁহনিসমূহ দুটা ভাগত ভাগ কৰিব পাৰি: এক হৈছে প্ৰতি বছৰে বানপানীত তল যোৱা নদীৰ অৱবাহিকা অঞ্চলৰ ঘাহঁনিসমূহ আৰু দ্বিতীয়তে হৈছে কিছু ওখ অঞ্চলৰ ঘাহঁনি । এই ওখ ঘাহঁনি অঞ্চলসমূহ অলপ-অচৰপকৈ হোৱা বানপানী আৰু বৰষুণৰ সময়ৰ বাদে বাকী সময়চোৱাত প্ৰায় শুকান হৈ থাকে ।

ছ) জলজউদ্ভিদৰ সৈতে বিল সমূহ (hydrophytes of wetlands): অসমত নদীসমূহৰ অৱবাহিকা অঞ্চল সমূহত বহুত জলাহ, নদীকাষৰীয়া দঁ অঞ্চল, এৰাসূঁতি, বিল আছে যিবোৰে প্ৰতিবছৰে হোৱা বানপানীত নদীসমূহৰ লগত সংযুগ হয় । এই অঞ্চলসমূহ বিভিন্ন ধৰনৰ জলজ উদ্ভিদৰ লগতে বিভিন্ন জলজ জীৱ-জন্তুৰ বাসভূমি । অসমলৈ প্ৰতি বছৰে আগমন হোৱা শীতকালিন পৰিভ্ৰ্মী চৰাইবোৰৰ বাবেও এই বিল সমূহ হ’ল প্ৰধান বিচৰনভূমি ।

জ) বাহঁনি (bamboo forests): কাৰ্বি-আংলং আৰু কাছাৰ জিলাৰ লগতে উজনি অসমৰ জিলা কেইখনত বাহঁনি অঞ্চলৰ প্ৰাধান্য বেছি । অসমৰ মুঠ ৩৮ টা প্ৰজাতিৰ বাহঁ এতিয়ালৈকে পোৱা গৈছে আৰু অঞ্চল বিশেষে বাহঁৰ প্ৰজাতিবোৰ বেলেগ বেলেগ হয় । Bambusa mastersii   নামৰ বাঁহৰ প্ৰজাতিবিধ কেৱল মাত্ৰ উজনি অসমত হে পোৱা যায়, সেইদৰে Gigantochloa macrostachya নামৰ প্ৰজাতিবিধ কামৰূপ জিলাত পোৱা যায়।

ঝ) এৰাপৰলীয়া অঞ্চলৰ গছ-গছনি (wasteland vegetation): মানুহৰ ঘনবসতিপূৰ্ণ অঞ্চল, ৰেইল লাইন, পথাৰ, কল-কাৰখানা আদিৰ দাঁতিকাষৰীয়া অঞ্চলত এই ধৰণৰ গছ-গছনিবোৰ বাঢ়ি আহে । জোপোহা জাতিয় অপতৃণ, লতাজাতিয় উদ্ভিদ আদি এই ধৰণৰ অঞ্চলৰ প্ৰ্ধান বাসিন্দা ।           

Comments