অসমৰ জলাহ বনভূমি সমূহত সঘনেই দেখিবলৈ পোৱা বগা বা ধোৱা বৰণৰ, দীঘল ঠেং আৰু দীঘল ঠোঁটৰ প্ৰায় সকলো চৰাইকে আমি অসমীয়াত বগলী বুলি কঁও । দৰাচলতে বগলী চৰাইৰ Ardeidae পৰিয়ালৰ সদস্য । আন্তঃৰাষ্ট্ৰীয় পক্ষী অধ্যয়ন সমিতি (International Ornithological Committee)ৰ মতে এই পৰিয়ালত প্ৰায় ৭২ বিধ সদস্য আছে । আমি দেখিবলৈ পোৱা Egret(বগলী আৰু এই জাতীয় চৰাইসমূহ), Heron(কণামুচৰি আৰু এই জাতীয় চৰাইসমূহ) আৰু Bittern (ইটাগুৰীয়া আৰু এই জাতীয় চৰাই সমূহ) এই সকলোবোৰ এই পৰিয়ালৰ অন্তৰ্ভূক্ত হৈ আছে ।
আমি প্ৰায়ে ঘৰৰ
ওচৰৰ ঘাঁহনি দৰাত সহজতে দেখিবলৈ পোৱা বগলীবিধ হ’ল Cattle Egret (Bubulcus ibis)। এই বগলীবোৰে গৰু ম’হৰ জাঁকৰ
মাজত গা ঘেলাই ইহঁতৰ গাত লাগি থকা পোক-পত্ংগ খাই ফুৰে । ইহঁতৰ ঠোঁটৰ ৰ্ং হালধীয়া আৰু
দৈৰ্ঘ্য বাকী বগলী প্ৰজাতি বোৰতকৈ অলপ চুটি । প্ৰজননৰ সময়ত ইহঁতৰ মূৰৰ পৰা ডিঙি অংশ আৰু পিঠিৰ
ফালে মূগাবৰণীয়া পাখি (plumage)ওলায় । ভাৰতৰ প্ৰায় সকলো অঞ্চলতে এইবিধ বগলী দেখিবলৈ
পোৱা যায় । বিল, পুখুৰী, হ্ৰ্দ, নদী, জলাহ, পিতঁনি আদি অলুনীয়া পানীযুক্ত অঞ্চলসমূহত
দেখিবলৈ পোৱা বগলীবোৰ হ’ল Little Egret (Egreta
garzetta), Intermediate Egret (Ardea
intermedia), Great Egret (Ardea alba)।
তিনিওবিধ বগলী দেখিবলৈ প্ৰায়ে একেই যদিও Great Egret আকাৰ সকলোতকৈ ডাঙৰ । প্ৰজননৰ সময়ত
এই বগলীবোৰৰ গাত কিন্তু cattle egret ৰ দৰে মুগাবৰণীয়া পাখি দেখা পোৱা নেযায় । তাৰ
সলনি বগা ৰঙৰেই এক পাখিৰ আৱৰণ স্পষ্ট হৈ উঠে আৰু ঠোটঁৰ ৰ্ং সলনি হয় । মাছ, ভেকুলী,
কেকোঁৰা, সৰু সাপ, পোক-পত্ংগ আদিয়েই ইহঁতৰ প্ৰধান খাদ্য । বগলীয়ে ডাঙৰ গছ, বাহঁনি অথবা
মাটিত জেং গোটাই বাঁহ সাজে । ইহঁতৰ বাঁহবোৰ দেখিবলৈ বৰ বিশৃঙ্খল ধৰণৰ হয় ।
ভাৰতত দেখিবলৈ
পোৱা বিভিন্ন প্ৰজাতিৰ Heron অৰ্থাৎ কণামুচৰি জাতীয় চৰাই সমূহ হৈছে Grey Heron (Ardea cinerea), Purple Heron (Ardea Purpurea), Striated heron (Butorides striata), Black crowned night
Heron (Nycticorax nycticorax), Indian
Pond Heron (Ardeola grayii), Malayan
Night Heron (Gorsachius melanolophus),
Western Reef Heron(Egreta gularis), Pacific Reef Heron (Egreta sacra), White bellied heron (Ardea insignis), Goliath Heron
(Ardea goliath), Chinese pond heron
(Ardeola bacchus)। বিল, পুখুৰী, হ্ৰ্দ,
নদী, জলাহ, পিতঁনি আদি অলুনীয়া পানীযুক্ত অঞ্চলসমূহত Heron বোৰ দেখিবলৈ পোৱা
যায় । কিছুমান Heron আকৌ লুণীয়া পানীযুক্ত অঞ্চলতো পোৱা যায় ; যেনে: Western Reef
Heron(Egreta gularis), Pacific Reef Heron (Egreta sacra) আদি সাগৰৰ উপকূলীয় অঞ্চল, নদীৰ মোহনা, প্ৰবাল দ্বীপ আদিত
বাস কৰে । এই চৰাই সমূহ অত্যন্ত লাজুকীয়া প্ৰকৃতিৰ হয় আৰু ঘাঁহনি, পিতঁনি আদিত লুকাই
থাকে। খাদ্যাভ্যাস আৰু চিকাৰৰ কৌশল সমূহ বগলীৰ দৰে প্ৰায় একেই । সিহঁতে পানীৰ দাঁতিকাষৰীয়া
অঞ্চলৰ জোপোহা গছত জেং গোটাই বাঁহ সাজে ।
নেপাল, ভূটান,
বাংলাদশ, ম্যানমাৰৰ লগতে ভাৰতৰ অতি সংক্ষিপ্ত এলেকাত দেখিবলৈ পোৱা Heron প্ৰজাতি সমূহৰ মাজৰে
White bellied heron বৰ্তমান ক্ৰমাগত্ভাৱে নিশ্চিহ্ন (Critically Endangered by
IUCN Redlist in 2007) হৈ যাব ধৰা প্ৰজাতি সমূহৰ এবিধ । ভাৰতৰ পশ্চিমবংগ, চিকিম, অৰুনাচল
প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ
কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, পবিতৰা আদি সংৰক্ষিত এলেকাৰ জলাহ আৰু কিছু নদীৰ কাষৰীয়া
বিলত এই চৰাইবিধ দেখিবলৈ পোৱাৰ প্ৰমাণ আছে । এই বিধ Heron য়ে ভূটানৰ পুনাখা-ৱাংদুৰ
নদীৰ অৱবাহিকা অঞ্চলটো বিচৰণভূমি হিচাপে ব্যাপক ভাৱে ব্যৱহাৰ কৰা দেখি ভূটানৰ চৰকাৰে
অঞ্চলটো ২০০৩ চনৰ পৰাই সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰে ।
মানুহে বৰ্তমান
ইহঁতৰ বাসস্থানৰূপী বিল, জলাহ অঞ্চলবোৰ দখল কৰি নিজৰ সুবিধাৰ্থে ব্যৱহাৰ কৰাৰ কাৰণে
বগলী আৰু কণামুচৰি জাতীয় এই চৰাইবোৰ বাস কৰা অঞ্চল দিনক দিনে কমি আহিছে । বিভিন্ন গাওঁ,
নগৰ-চহৰৰ আদিৰ মাজতো বগলীয়ে বাঁহ লোৱা বাঁহনি আৰু ডাঙৰ গছবোৰ যাতায়তৰ সুবিধাৰ বাবে
নতুবা ঘৰ দুৱাৰ লেতেৰা কৰি মানুহলৈ বেমাৰ কঢ়িয়াই বুলি কাটি পেলোৱা হয় । এনেদৰেই এই
চৰাইবোৰৰ বাসস্থান ধ্বংস হৈছে আৰু বিচৰণভুমিও লাহে লাহে কমি আহিছে । মাছমৰীয়াৰ জালত
লাগিও এই ধৰণৰ বহু চৰাইৰ মৃত্যু হয় আৰু লগতে মাংসৰ বাবেও বহুতে ইহঁতৰ চিকাৰ কৰে ।
Comments
Post a Comment