জীৱজগতৰ জলজ স্তন্যপায়ী প্ৰানীৰ অন্তৰ্গত শিহু অৰ্থাৎ গংগাৰ ডলফিন অলুণীয়া পানীত বসবাস কৰা জলজ প্ৰাণীসমূহৰ ভিতৰত অন্যতম । শিহুৰ বাসস্থান হ’ল ভাৰতৰ গংগানদীতন্ত্ৰ, ব্ৰ্হ্মপুত্ৰ নদীতন্ত্ৰ, বাংলাদেশৰ মেঘনা, কৰ্ণফুলি, নেপালৰ কৰ্নালি আদি। প্ৰধানকৈ এই নদীতন্ত্ৰৰ মূল নদীকেইখনৰ লগতেকেইখনমান উপনদীত শিহু পোৱা যায় যদিও এই নদীসমূহৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে শিহুয়ে বসবাসআৰু খাদ্য আহৰণৰ বাবে ব্যৱহাৰ কৰে । বিজ্ঞানীসকলে এতিয়ালৈকে কৰা কিছু অধ্যয়নৰ পৰা বুজাযায় যে শিহুৰ বাসস্থানৰ বাচনি আৰু প্ৰাধান্যৰ ওপৰত পানীৰ গভীৰতা, নদীৰ সূতিৰ প্ৰকাৰ, সোঁতৰগতি, ঋতুকালীন মাছ আৰু অন্যান্যজলজ জীৱৰ অৱস্থিতি তথা বিতৰনৰ সালসলনি আদি বিভিন্ন কাৰকে গুৰুত্ববিস্তাৰ কৰে ।
শিহুৰ বাসস্থান নদীতন্ত্ৰসমূহ সাধাৰণতে চিৰস্থায়ী নদী (perennial river) অৰ্থাৎ এই নদীসমূহ ভূতলস্থিতপানীৰ উৎসৰ পৰা নিৰ্গত হয় আৰু বছৰৰ গোটেইকেইমাহতে কম-বেছি পৰিমাণে হ’লেও নদীসমূহত পানী থাকে। খৰালি সময়চোৱাত বৰষুণৰ পৰিমাণ কম হ’লেও নদীসমূহ একেবাৰে শুকান হৈ নপৰে । কিছু কিছু অংশত নদীৰ পানী শুকাই গ’লেও শিহুৰ বাবে উপযুক্ত গভীৰতাযুক্ত অঞ্চল কিছুমানো বৰ্তি থাকে । প্ৰাপ্তবয়স্ক শিহুৰ আকাৰ ১.৫ ৰ পৰা ৩ মিটাৰ পৰ্যন্ত হ’ব পাৰে আৰু সেয়েহে ইহঁতক চলন ফুৰনকৰিবলৈ নদীৰ গভীৰতা আৰু প্ৰ্স্থ এক নুন্যতম সীমাৰ ওপৰত হোৱা দৰকাৰ । শিহুৱে ১ মিটাৰতকৈ কম গভীৰতা থকা অঞ্চলবোৰ সাধাৰণতে এৰাই চলা দেখা যায় । নদীৰ ভাঁজ, মোহনা আৰু নদীদ্বীপ বা বালিচৰৰ তলৰ সূতি আদি অঞ্চলক শিহুয়ে বিচৰণৰ বাবে প্ৰাধান্য দিয়া দেখা যায় । এই অঞ্চলসমূহত নদীৰ প্ৰাকৃতিক ভৌগোলিক অবয়ৱে পানীৰ বোৱতি সোঁতক এক পকনীয়াযুক্ত (eddy current) সোঁতলৈ পৰিৱৰ্তন কৰে । ইয়াৰ ফলত এই বিশেষত্বপূৰ্ণ অঞ্চলসমূহৰ জলজ পৰিপুষ্টি, দ্ৰৱনীয় অক্সিজেন আদি জলজজীৱৰ খাদ্য আৰু বাসস্থানৰ ওপৰত প্ৰভাৱ পেলোৱা ভৌতিক আৰু ৰাসায়নিক কাৰকসমূহ শিহু, মাছ,প্লাংকটন আদি জলজ জীৱৰ বাবে উপযুক্ত হৈ উঠে । তাৰোপৰি প্লাংকটন অৰ্থাৎ পানীত উটি-ভাহি ফুৰাক্ষুদ্ৰাকাৰ জীৱবোৰৰ ওপৰতে জলজ পৰিস্থিতিতন্ত্ৰৰ উৎপাদনৰ হাৰ নিৰ্ভৰ কৰে । গতিকে এই অঞ্চলসমূহৰ জলজ উৎপাদনো বাকী অঞ্চল সমূহতকৈ উচ্চমানৰ হয় । চিৰস্থায়ী নদীবোৰে ভৰ বাৰিষা কালত হোৱা প্ৰচুৰ বৰষুণৰ ফলত উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি কৰে আৰু নদীৰ দাতিকাষৰীয়া সমতলভূমি অঞ্চলসমূহ বুৰাই পেলায় । বাৰিষাকাল শেষ হোৱাৰ পাছত পানী শুকাই আৰু নদীসমূহে পুনৰ নিজৰ সূঁতিলৈ সংকুচিত হয় । নিৰবচ্চিন্ন ভাৱে বছৰ বছৰ ধৰি হৈ থকা এই প্ৰক্ৰিয়াত নদীৰ দাতিকাষৰীয়া অঞ্চলবোৰত জলাহ, বিল আদিৰ সৃষ্টি হয় । এই বিলসমূহে আচলতে একো একোখন নদীৰ বাবেু পৰিপুষ্টিৰ উৎস । বানপানীৰ সময়ত বিলসমূহ নদীৰ লগতএকাকাৰ হৈ যোৱাৰ ফলত এই দুই জলজ পৰিৱেশতন্ত্ৰত দ্ৰৱিত হৈ থকা পৰিপুষ্টিৰ চলাচল হয় । নদীত থকা প্লাংকটন, মাছ আৰু শিহু আদিৰ ঋতুকালিন জৰীপৰ পৰা এই তথ্য পোহৰলৈ আহিছে যে পানীৰ সোঁতৰ বেগ বৃদ্ধি হোৱাৰ ফলত বানপানীৰ সময়ত নদীত প্লাংকটনৰ পৰিমাণ যথেষ্ট কমি যায়, অন্যান্য জলজ জীৱ মাছ, কাছ আদিবোৰেও কম সোঁতযুক্ত অৱস্থান বিচাৰি বিল, এৰাসূঁতি আদিত সোমাইগৈ । খাদ্য আৰু উপযুক্ত বাসস্থানৰ সন্ধানত শিহুবোৰেও এই সময়খিনিত মূলসূঁতিৰ লগত সংযুক্ত কাষৰীয়া সূঁতি, এৰা সূঁতি আদিত সোমাই পৰে । পাছবাৰিষা কাল অৰ্থাৎ খৰালি আৰম্ভ হোৱাৰ আগত বিল, এৰাসূতি আদিৰ পৰা নদীসমূহৰ পুনৰ লাহে লাহে সংযুগ বিচ্ছিন্ন হ’বলৈ আৰম্ভ কৰে । এইসময়তে নদীৰ পানীৰ জলজ পৰিপুষ্টিৰ পৰিমাণো উল্লেখনীয় ভাৱে বৃদ্ধি পাবলৈ ধৰে আৰু প্লাংকটন, মাছ, শিহু আদিয়েও পুনৰ লাহে লাহে নদীৰ মূলসূতিলৈ ঘুৰি অহাৰ পৰ্ব আৰম্ভ কৰে । নদীত থকা জলজ জীৱসমূহৰ এই ঋতুকালিন পৰিক্ৰ্মাৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও এতিয়াও বহু তথ্য জানিবলৈ বাকী আছে । নদীৰ দাতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া সকলে এই প্ৰাকৃতিক প্ৰ্ক্ৰিয়াটোৰ আঁত ধৰিয়েই ঋতু অনুযায়ী মাছ ধৰা অঞ্চলৰ সালসলনি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰে ।
নদীৰ বিভিন্ন অঞ্চলবিশেষে থকা মাছৰ প্ৰজাতিৰ প্ৰাচুৰ্য্যইও নদীখনত শিহুৰ বিচৰণৰ তাৰতম্যৰ এক গূৰুত্বপূৰ্ণ কাৰক । শিহুৰ খাদ্য সম্পৰ্কে কিছু অধ্যয়নত এই কথা গম পোৱা গৈছে যে ঠেক খাদ্যনলী আৰু দুৰ্বল হাঁড়যুক্ত হনুৰ বাবে শিহুয়ে সাধাৰণতে কম দৈৰ্ঘ্য (<২০-৩০ চেণ্টিমিটাৰতকৈ কম) আৰু কম body depth যুক্ত মাছ ধৰি খাবলৈ ভাল পায় । এতিয়ালৈকে উপলব্ধ হোৱা কিছু অধ্যয়নত মৃত শিহুৰ পাকস্থলীত পচন হ’বলৈ ৰৈ যোৱা অৱখিষ্ট খাদ্যৰ পৰীক্ষণ (gut content analysis)ৰ পৰা শিহুয়ে খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰায় ৪৫ বিধ মান প্ৰজাতিৰ মাছ ৰ বিষয়ে জানিব পৰা গৈছে । যিহেতু শিহুয়ে আহাৰ হিচাপে গ্ৰহণ কৰা মাছ বোৰে খাদ্যৰ বাবে প্ৰ্ত্যক্ষভাৱে বা পৰোক্ষভৱে প্লাংকটনৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে পৰোক্ষভাৱে প্লাংকটনৰ প্ৰজাতিসমূহৰ ভিন্নতইও শিহুৰ বাসস্থনৰ বাচনিত কিছু ভুমিকা গ্ৰহণ কৰাৰ থল আছে । তাৰোপৰি নদীৰ ওপৰত মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলাফলেও অন্য জলজ জীৱৰ লগতে শিহুৰ বাসস্থান নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা লয়, কিন্তু এই লেখাটোত এতিয়ালৈকে আমি জানিবলৈ পোৱা কেইটামান প্ৰাকৃতিক কাৰকৰ বিষয়ে কিছু থূল-মূল আভাস দিবলৈ চেষ্টা কৰা হ’ল ।
( অসমৰ বন্যজীৱ গৱেষণা আৰু সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সংস্থান "আৰণ্যক" ৰ আলোচনী "বায়'লিংক"ত পূৰ্বে প্ৰকাশিত)
Comments
Post a Comment