আমি
মানুহবোৰ যিমানেই প্ৰকৃতিৰ পৰা আতৰি আহিছো, সিমানেই চাৰিওকাষৰ গছ-গছনি, জীৱ-জন্তুবোৰ
আমাৰ বাবে অপৰিচিত হৈ আহিছে যেন লাগে ।আফ্ৰিকাৰ জংঘলত পোৱা জীৱ-জন্তুবোৰ আমি
discovery channel ত চাই চাই থিকেই চিনি পাও, কিন্তু আমাৰ নিজৰ অঞ্চলতে থকা জীৱ-জন্তুবোৰৰ
বিষয়ে আমি বাৰু কেতিয়াবা জানিবলৈ চেষ্টা কৰিছোনে ? টেলিভিশ্বনত সাগৰীয় ডলফিনৰ কাহিনী
চাই ভাল পোৱা আমাৰ বহুতেই হয়তো অসমতে পোৱা শিহুৰ বিষয়ে নাজানে ।
শিহু হৈছে একপ্ৰ্কাৰৰ নদী ডলফিন ।ভাৰতৰ
ব্ৰ্হ্মপুত্ৰ নদীতন্ত্ৰত পোৱাৰ উপৰিও গংগানদীতন্ত্ৰ, বাংলাদেশৰ মেঘনানদী আৰু নেপালৰ
কৰ্ণফুলি নদীত শিহু পোৱা যায় । শিহু কেৱলমাত্ৰ নদীতেই বসবাস কৰে আৰু সেয়েহে ইহঁত সাগৰীয়
ডলফিনতকৈ বহুখিনি পৃথক। সাগৰীয় ডলফিনবোৰ দৃষ্টিসক্ষম হোৱাৰ বিপৰীতে আমাৰ শিহুবোৰক সম্পুৰ্নৰূপে
অন্ধ বুলিয়েই ক’ব পাৰি । আটলাণ্টিক মহাসাগৰত উদ্ধাৰ হোৱা মিঅ’চিন যুগৰ কিছুমান ফছিলৰ
পৰা প্ৰমানিত হৈছে যে শিহুৰ উপৰিপূৰুষবোৰে এসময়ত সাগৰতে বসবাস কৰিছিল । কিছুমান প্ৰাকৃতিক
পৰিঘটনাৰ ফলত সেই প্ৰাণীবোৰে আহি নদীত বসবাস কৰিবলৈ লয়হি । নদীৰ ঘোলা পানীৰ পৰিৱেশত
শিহুৰ চকুৰ ব্যৱহাৰ লাহে লাহে নাইকিয়া হয়, যাৰ ফলত পাছলৈ বিৱৰ্তনহৈ
ইহঁতে চকুৰ ব্যৱহাৰ কৰিবলৈ সম্পুৰ্নৰুপে বাদ দিয়ে । চকুৰ সলনি শিহুয়ে বাদুলীৰ দৰে চ’নাৰ
সংকেত ব্যৱহাৰ কৰি চলন-ফুৰনৰ দিশ নিৰ্ণয় আৰু চিকাৰৰ উপস্থিতি অনুধাৱন কৰে । চ’নাৰ সংকেতৰ
জৰিয়তেই ইহঁতে নিজৰ মাজত কথা-বাৰ্তাও পাতে । এই পদ্ধতিটোক echolocation বুলি কোৱা হয়
। শিহুৰ ৰ্ং ছাইবৰণীয়া । প্ৰাপ্তবয়স্ক শিহু এটাৰ দেহৰ ওজন ৭০ কেজিৰ পৰা ৯০ কেজি হয়
আৰু দৈৰ্ঘ্য প্ৰায় ১.৫-৩ মিটাৰ হয় ; শৰীৰটো চিলিণ্ডাৰ আকৃতিৰ আৰু মুখখন ঠোটৰ দৰে ঠেক
আৰু জোঙা হয় যাক rostrum বুলি কোৱা হয় । শিহুৰ দাঁতবোৰ যথেষ্ট ধাঁৰ থকা আৰু জোঙা ।
সাগৰীয় ডলফিনত থকাৰ দৰেই পিঠিৰ ফালে এখন সৰু তিনিকোণীয়া ফিণ থাকে, কিন্তু সাগৰীয় ডলফিনৰ
ফিণখনৰ আকাৰ শিহুৰ ফিণতকৈ ডাঙৰ হয় । শিহুৰ flipper অৰ্থাৎ নেজৰ ফালটো বহল আৰু অলপ ডাঙৰ
হয় । মাইকী শিহুৰ ক্ষেত্ৰত কেতিয়াবা মুখৰ সন্মুখভাগত অলপ ভাঁজ থকা দেখা যায় । মাছেই
হ’ল শিহুৰ প্ৰ্ধান খাদ্য ।
পানীত থাকে বাবে শিহুক বহুতে মাছ বুলিয়েই
ভাৱে । কিন্তু আচলতে ই এক স্তন্যপায়ী প্ৰাণীহে ।অন্য স্তন্যপায়ী প্ৰাণীৰ দৰেই ইহঁতে
পানীৰ তলত উশাহ-নিশাহ ল’ব নোৱাৰে আৰু উশাহ ল’বৰ বাবেই কিছু সময়ৰ মুৰে মুৰে (প্ৰায় ৩০
চেকেণ্ডৰ পৰা ২ মিনিটৰ ভিতৰত) পানীৰ পৰা বাহিৰলৈ উলায় । এনেদৰে উশাহ ল’বলৈ পানীৰ পৰা
ওলোৱা-সোমোৱা কৰোতেই শিহুবোৰ সাধাৰণতে আমাৰ দৃষ্টিগোচৰ হয় । মাছ ধৰিবৰ বাবেও শিহুবোৰক
পানীৰ পৰা বাহিৰলৈ জপিওৱা দেখা যায় । মাছ ধৰাৰ সময়ত পোৱালি শিহুবোৰে আৰু কেতিয়াবা ডাঙৰ
শিহুয়েও গোটেই শৰীৰটো পানীৰ পৰা ওলাই অহাকৈ জপিওৱা দেখা যায় ।
নদীতন্ত্ৰৰ খাদ্যশৃংখলত শিহুৰ উপস্থিতিয়ে
এক উচ্চখাপৰ ভাৰসাম্যতা প্ৰদান কৰে । সেয়েহে শিহু বসৱাস কৰা নদী সমূহৰ জলজ পৰিৱেশতন্ত্ৰটো
সদায় অন্য নদীতকৈ উচ্চ গুন সম্পন্ন হয় । শিহু নদীৰ মোহনা, নদীদ্বীপ তথা বালিচৰৰ দাতিকাষৰীয়া
সুঁতি আৰু নদীৰ ভাঁজ আদিত বেছিকৈ দেখা পোৱা যায় ।নদীৰ এই অঞ্চল সমূহৰ বিষেশত্ব হ’ল
যে নদীৰ বাকীবোৰ অঞ্চলতকৈ ইয়াত জলজ উৎপাদনৰ (productivity) হাৰ বেছি, যাৰবাবে বিভিন্নধৰনৰ
মাছে এই অঞ্চলসমূহত খাদ্য আহৰণৰ বাবে প্ৰাধান্য দিয়ে । ইয়াৰ ফলত শিহুয়েও এই অঞ্চলসমূহক
বেছি গুৰুত্ব দিয়ে ।আমাৰ অতি প্ৰয়োজনীয় বিদ্যুৎ উৎপাদনৰ বাবে বৰ্তমান নদীসমূহত গঢ়ি
তোলা নদীবান্ধ সমূহে নদীৰ সোঁতৰ গতি নিয়ন্ত্ৰণ কৰাৰ ফলত এই প্ৰাকৃতিক বিষেশত্বপূৰ্ণ
অঞ্চল সমূহৰ অৱস্থানৰ সাল-সলনি হয় । ইয়েই লাহে লাহে জলজ উৎপাদন তথা শিহুৰ খাদ্য মাছৰ উৎপাদনৰো সাল-সলনি ঘটায় । তাৰোপৰি
শিহু থাকিবৰ বাবে প্ৰয়োজনীয় নদীৰ নূন্যতম গভীৰতাৰো তাৰতম্য ঘটায় ।
বিভিন্ন কাৰণত মৃত্যুমুখত পৰি বৰ্তমান শিহুৰ
সংখ্যা বহুত কমি গৈ মূঠ ৩৫০০ মানহে ৰৈছেগৈ । মাছ্মৰীয়া সকলে নদীত মাছ ধৰিবলৈ ব্যৱহাৰ
কৰা মিহি সূঁতাৰ ফাঁচি জালত লাগি ধৰি শিহু আঘাতপ্ৰাপ্ত হয় । ফাঁচিজালৰ সূঁতাবোৰ মিহি
হোৱাৰ কাৰণে echolocation পদ্ধতিৰে ইয়াৰ অৱস্থিতি অনুধাৱন কৰাটো কঠিন । তাৰবাবেই শিহুবোৰে
এই জালত জোট-পোট খাই আৰু উশাহ ল’বলৈ পানীৰ ওপৰলৈ ওলাই আহিব নোৱাৰি প্ৰায়ে মৃত্যুমুখত
পৰে । বহুঠাইত আকৌ শিহু মানুহে হানি-খুচি হত্যা কৰে আৰু কিছু জনগোষ্ঠীৰ মানুহে শিহুৰ
মাংস খায় । শিহুৰ শৰীৰটো অত্যন্ত চৰ্বীযুক্ত হয় ।ভাৰতৰ বহু ঠাইত মৃত শিহুৰ চৰ্বী গলাই
তেল উলিয়াই বহু টকা দৰত চোৰাং কৈ বেচা হয় । গাৰ বিষৰ মহৌষধ বুলি বহু লোকে এই তেল ব্যৱহাৰ
কৰে । কিন্তু ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈকে এনেদৰে এটা মূল্যৱান জীৱ বধ কৰাটো কেতিয়াও
সমিচীন নহয় । ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও শিহুৰ তেল মাছ ধৰা টোপ হিচাপেও ব্যৱহাৰ
হয় । প্ৰধানতঃ নেৰীয়া আৰু বছা মাছ এই পদ্ধতিৰে ধৰে । শিহুৰ তেল টোপ হিচাপে ব্যৱহাৰ
কৰি মাছ ধৰা পদ্ধতিটো অসমত আগতে বৰকৈ প্ৰচলন নাছিল । কিন্তু আজিকালি অসমত চোৰাং কৈ
এই পদ্ধতিৰে মাছ মৰা যথেষ্ট বৃদ্ধি পাইছে । কম সময় আৰু কম কষ্টত সৰহকৈ মাছ ধৰিবলৈ বহুতো
মাছ্মৰীয়াই এই পদ্ধতি ব্যৱহাৰ কৰে । শিহু নিধন কৰি কম সময়ৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখা
মাছমৰীয়া ভাই সকলে হয়তো এইটো ধৰিব পৰা নাই যে এনেদৰে দিনক দিনে শিহু কমি গৈ থাকিলে
কিদৰে এটা সময়ত নদীসমুহৰ পৰিস্থিতিতন্ত্ৰলৈ বিপৰ্যয় নামি আহিব । নদীৰ প্ৰাকৃতিক ভাৰসাম্যতা
নষ্ট হৈ মৎস্যজীৱী মানুহৰ জীৱিকাৰ মুল উৎস মাছবোৰেই এটা সময়ত লাহে লাহে নাইকিয়া হ’ব
। ফিছাৰী আইন মতে সম্পুৰ্নৰুপে বৰ্জনীয় আঠুৱা জাল বহুতো মাছ্মৰীয়াই ব্যৱহাৰ কৰিয়েই
আছে । এই জালৰ ফুটাবোৰ অতি সৰু হোৱাৰ বাবে মাছৰ পোণা আৰু কণী পৰ্যন্ত উঠাই আনে, যিয়ে
বিভিন্ন মাছৰ বংশবৃদ্ধি ৰোধ কৰিছে । সেয়েহে এই জাল আমাৰ পৰিবেশৰ বাবে অত্যন্ত ক্ষতিকাৰক
। কিন্তু ভৱিষ্যতৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ বৰ্তমানতে সন্তুষ্ট হ’বলৈ চেষ্টা কৰা
মাছ্মৰীয়া সকলে সঘনে আঠুৱা জাল ব্যৱহাৰ কৰি থকাৰ ফলত নদী সমূহত মাছৰ সংখ্যা কমি গৈ
শিহুৰ লগতে মানুহৰ জীৱনলৈও বিপদ মাতি অনাটো নিতান্তই স্বাভাৱিক ।
তাৰোপৰি নদীৰ বালিখনন, জলপ্ৰদুষণ আদি বিভিন্ন
কাৰণৰ বাবে শিহুৰ বসবাসৰ উপযোগী ঠাই কমি আহিবলৈ ধৰিছে । প্ৰ্দুষিত পানীত দ্ৰৱিত হৈ
ৰোৱা কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত পদাৰ্থ আৰু খেতি-বাতিত ব্যৱহৃত কীটনাশক দ্ৰব্য
আদি নদীৰ পানীত মিহলি হৈ জলজ জীৱৰ শৰীৰতো প্ৰৱেশ কৰিছে । ভাৰতৰ কেইজনমান বিজ্ঞানীৰ
অধ্যয়নৰ পৰা এই তথ্য পোহৰলৈ আহে যে প্ৰ্দুষিত পানীৰ পৰা organochlorine,
perflorinated compound (PFCs), গধুৰ ধাতৱ পদাৰ্থ আদি শিহুৰ শৰীৰত প্ৰৱেশ কৰি সিহঁতৰ
অভাৱনীয় ক্ষতিসাধন কৰিছে ।
বৰ্তমান দ্ৰুতগতিত হৈ অহা শিহুৰ হ্ৰাসলৈ
লক্ষ্য ৰাখি বিশ্ব প্ৰকৃতি সংৰক্ষণকাৰী সংস্থা IUCN য়ে শিহুক বিপদাপন্ন
(endangered)প্ৰাণী হিচাপে স্বীকৃতি দিয়ে । ভাৰত চৰকাৰেও শিহুক “ৰাষ্ট্ৰীয় জলচৰ প্ৰানী”
ঘোষনা কৰে আৰু গংগানদীত চুলতানগঞ্জৰ পৰা কাহল্গাৱলৈকে অংশটোক কেৱল শিহুৰ বাবে সংৰক্ষিত
এলেকা ৰূপে ঘোষনা কৰে । এই অঞ্চলটো বৰ্তমান বিক্ৰমশীলা শিহু অভয়াৰন্য হিচাপে বিখ্যাত
। ভাৰতৰ বন্যপ্ৰানী সংৰক্ষন আইন, ১৯৭২ ত শিহুক ১ নং তালিকাভুক্ত কৰা হৈছে আৰু ইয়াৰ
মতে শিহু হত্যা আইন মতে দণ্ডনীয় । আমাৰ অসমত শিহু স্ংৰক্ষণৰ বাবে নিৰ্দিষ্টকৈ ঠাই নিৰ্বাচন
কৰা হোৱা নাই যদিও শিহুক ৰাজ্যিক জলচৰ প্ৰাণী ঘোষণা কৰা হৈছে । অসমৰ ব্ৰক্ষ্মপুত্ৰ
নদীৰ উপৰি প্ৰ্ধানতঃ দুখন উপনদী কামৰূপ জিলাৰ কুলসী আৰু লক্ষীমপুৰ জিলাৰ সোৱনশিৰি
নদীত কিছু সংখ্যক শিহু বাচি ৰৈছেগৈ । গতিকে এতিয়া সময় থাকোতেই যদি আমি শিহুৰ বিষয়ে
জানিবলৈ চেষ্টা নকৰো আৰু ইহঁতৰ সংৰক্ষনৰ কাৰনে চিন্তা নকৰো, পাছত হয়তো পৃথিৱীৰ পৰা
চিৰকালৰ বাবে লুপ্ত হৈ যোৱা দ’দ’ চৰাইটোৰ দৰে শিহুৰ কেৱলমাত্ৰ ছবিহে বাকী ৰ’বগৈ । আমি
বাৰু তেতিয়া ভৱিষ্যত প্ৰজন্মক ক’ব পাৰিমনে যে শিহুবোৰ আমাৰ নদীসমুহৰ বাবে কি আছিল ।
ধুনীয়া। এনেকুৱা লিখনিৰ প্ৰয়োজন। looking forward to read more 😊Keep it up👍
ReplyDeleteThank u pinki ba.
DeleteBorhiya!! Explore kori thaka
ReplyDeleteThanks a lot
DeleteBeautiful write up anu..will be waiting to read about our journey also..keep writing 👍👍😁
ReplyDeletethank u. sure :-)
DeleteRiver dolphin:your research on River dolphin inform me why it jumps .your information help me (school teacher)to make awer my students
ReplyDeleteThank u very much.
DeleteVery nicely written, kiki ba.. 😍😍 I have never acquired this extent of knowledge on river dolphin earlier. It really helped and I really enjoyed reading..
ReplyDeleteKeep it up😘😘
thank u Riki
Deleteবৰ ধুনিয়াত হৈছে আগলৈও লিখি থাকিবা বুলি আশা কৰিলো
ReplyDeleteধন্যবাদ ।
Deleteপ্ৰবন্ধটো পঢ়ি ভাল লাগিল। নদীৰ শিহু বোৰৰ ওপৰত বেছিভাগ মানুহৰে জ্ঞান সীমিত। সিহঁতৰ খাদ্যাভ্যাস, বাসস্থান, বিবৰ্তনৰ বিষয়ে জানিব পাৰি ভাল লাগিল। ভবিষ্যতে আৰু অধিক জানিবৰ বাবে আগ্ৰহেৰে বাট চালো।
ReplyDeleteনিশ্চয় চেষ্টা কৰিম । বহুত ধন্যবাদ ।
Delete